বানে জুৰুলা কৰা জোনাইৰ তাৰিবস্তি গাঁৱৰ ৰাইজৰ মুখত প্ৰাপ্তিৰ হাঁহি, পালে এটুপি বিশুদ্ধ পানী - Flood affected area in Jonai
🎬 Watch Now: Feature Video
Published : Dec 11, 2023, 8:39 AM IST
|Updated : Dec 11, 2023, 11:57 AM IST
জোনাই, 11 ডিচেম্বৰ : বানে জুৰুলা কৰা জোনাই মহকুমাৰ বাহিৰ জোনাই পঞ্চায়তৰ 1নং তাৰিবস্তি গাঁৱৰ প্ৰায় 20 টা পৰিয়ালৰ মুখত হাঁহি বিৰিঙিল ৷ দীৰ্ঘদিনে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি অহা ৰাইজে অৱশেষত লাভ কৰিছে বিশুদ্ধ খোৱাপানী ৷ জোনাই মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা দেৱজিৎ পাতিৰ পদক্ষেপৰ বাবে অঞ্চলটোৰ 20 টাকৈ পৰিয়ালে লাভ কৰিলে বিশুদ্ধ খোৱাপানী ৷
উল্লেখ্য যে, বানে বিধস্ত কৰা পৰিয়ালকেইটাই বছৰ বছৰ ধৰি মাটিত গাঁত খান্দি তথা বিলৰ দূষিত পানী সেৱন কৰি আহিছিল অঞ্চলটোৰ ৰাইজে ৷ 20 টা পৰিয়ালৰ এই দুখলগা বাতৰি পোন প্ৰথমবাৰৰ বাবে দেখুওৱা হৈছিল ইটিভি ভাৰত অসমত ৷ এই বাতৰি পৰিবেশনৰ পাচতে জোনাই মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মহকুমা কাৰ্যবাহী অভিযন্তা দেৱজিৎ পাতিৰৰ আহ্বানমৰ্মে ঠিকাদাৰে গাঁওখনত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ে ৷
লগতে পঢ়ক : 33 বছৰত এজনো কয়দী নথকা এখন কাৰাগাৰ, থকাৰ পৰিৱেশো নাই