ETV Bharat / entertainment

বিশিষ্ট তবলাবাদক আবিৰ বৰগোহাঞিৰ দেহাৱসান - TABLA PLAYER ABIR BORGOHAIN DEATH

তবলাবাদক-ফটোগ্ৰাফাৰ আবিৰ বৰগোহাঞিৰ দেওবাৰে পৰলোক প্ৰাপ্তি ঘটে ৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে যোৰহাট সাংস্কৃতিক মহলে ৷

tabla-player-and-photographer-abir-borgohain-passes-away
বিশিষ্ট তবলাবাদক আবিৰ বৰগোহাঞিৰ দেহাৱসান (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : Jan 20, 2025, 4:44 PM IST

Updated : Jan 20, 2025, 4:51 PM IST

যোৰহাট : যোৰহাটৰ বিশিষ্ট তবলাবাদক আৰু ফটোগ্ৰাফাৰ আবিৰ বৰগোহাঞি আৰু নাই । দেওবাৰে পুৱা মৃত্যুবৰণ কৰে তেওঁ ৷ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ বিগত কিছুদিন ধৰি যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ অৱশেষত দেওবাৰে পুৱা ১০:৪৫ বজাত আত্মীয় স্বজন আৰু শুভাকাংক্ষীক কন্দুৱাই আবিৰ বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ।

যোৰহাট পুলিবৰৰ ডেকা গাঁও নিবাসী প্ৰয়াত মহেন্দ্ৰ বৰগোহাঞি আৰু দীপ্তিময়ী বৰগোহাঞিৰ জ্যেষ্ঠ পুত্ৰ আবিৰ বৰগোহাঞিয়ে যোৰহাটৰ হেমলতা মেম’ৰিয়েল আৰু শংকৰদেৱ ছেমিনাৰীৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷ যোৰহাট গৌৰৱ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল তেওঁ ।

ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা ১৯৮৭ চনত তবলা বিশাৰদ ডিগ্ৰী লাভ কৰা বৰগোহাঞি পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংগীত মহাবিদ্যালয়, চুকাফা চাৰু কলা সংগীত বিদ্যালয়, নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়, সৌমাৰ সংগীত বিদ্যালয়ৰ লগত জড়িত হৈ পৰিছিল । পিছৰ পৰ্যায়ত তেওঁ প্ৰাচীন কলা কেন্দ্ৰৰ তবলাৰ এক্টাৰ্নেলৰ দায়িত্ব গ্ৰহণ কৰি সুচাৰুৰূপে দায়িত্ব পালন কৰি গৈছিল ।

বিগত কিছু সময় ধৰি মাল্টিপ’ল মাইল’মা ৰোগতো ভূগি আছিল আবিৰ বৰগোহাঞি । মৃত্যুৰ সময়ত আবিৰ বৰগোহাঞিয়ে মাতৃৰ লগতে পত্নী, এগৰাকী কন্যা, কনিষ্ঠ ভাতৃ তথা জ্যেষ্ঠ ফটো সাংবাদিক অংকুৰ বৰগোহাঞিকে ধৰি বহু আত্মীয় স্বজনক এৰি থৈ যায় । তেওঁৰ মৃত্যুয়ে সাংস্কৃতিক মহলত শোকৰ ছাঁ পেলাইছে ৷ বহু গুণমুগ্ধ, শুভাকাংক্ষী তথা আত্মীয় স্বজনে তেওঁক শেষ বিদায় জনোৱাৰ পিছত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয় ।

উল্লেখ্য যে, তবলাবাদক হিচাপে সমগ্ৰ ৰাজ্যতে বিশেষভাৱে সুপৰিচিত আছিল আবিৰ বৰগোহাঞি ৷ তেওঁৰ তত্বাৱধানত যোৰহাটৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু তবলাবাদক সৃষ্টি হৈছে, সেইসকলে বৰ্তমান বিভিন্ন ঠাইত তবলাৰ জৰিয়তে সুনাম অৰ্জন কৰিছে ৷ আবিৰ বৰগোহাঞিয়ে তবলাৰ জৰিয়তে যি পৰিৱেশ গঢ়ি থৈ গ’ল, সেয়া সকলো বাবে আদৰ্শৰ প্ৰতীক হৈ জিলিকি থাকিব ৷ তেওঁ তবলাৰ সমান্তৰালকৈ ফটোগ্ৰাফীটো নিজৰ এক পৰিচয় দি থৈ গৈছে ।

লগতে পঢ়ক : মূৰৰ ওপৰৰ আকাশখন একেবাৰে আঁতৰিল কণ্ঠশিল্পী কমলিকা কাশ্যপৰ

Last Updated : Jan 20, 2025, 4:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.