ETV Bharat / state

ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত হৈছে ঐতিহাসিক দেওপাহাৰৰ কাষৰীয়া অঞ্চল - DUMPING GROUND IN GOLAGHAT

প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তেই স্বচ্ছ ভাৰত অভিযানৰ বিপৰীত ছবি ফুটি উঠিছে ঐতিহাসিক স্থানত । জানিবলৈ পঢ়ক...

Opposite Scenery of  Swachh Bharat Mission
ঐতিহাসিক দেওপাহাৰৰ কাষৰীয়া অঞ্চলৰ কদৰ্য ৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 5:06 PM IST

গোলাঘাট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানে অসমত কিমান সাফল্য় অৰ্জন কৰিছে তাক লৈ এতিয়াও চলি আছে চৰ্চা । এই অভিযানৰ নামত চৰকাৰে কোটি কোটি টকা ব্য়য় কৰি আহিছে । চৌদিশে আঁৰিছে ডাঙৰ ডাঙৰ হোৰ্ডিং, বেনাৰ আদি । ইয়াৰ পিচতো ঠায়ে ঠায়ে স্বচ্ছ ভাৰত অভিযানৰ বিপৰীত ছবি ফুটি উঠিছে । এই অভিযান তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক আওকাণ কৰি বহুতেই ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপকেই পৰ্যবসিত কৰিছে ডাম্পিং গ্ৰাউণ্ডলৈ ।

মুখ্যমন্ত্ৰীৰ আহ্বানকো নকৰে কেৰেপ :

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ দেওপাহাৰত উপস্থিত হৈ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ প্ৰত্যক্ষ কৰি অঞ্চলটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল ৰূপে গঢ়ি তুলিব বুলি ঘোষণা কৰিছিল । এই অঞ্চলটোৰ সৌন্দৰ্য বৰ্ধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছিল যদিও নুমলীগড় শোধনাগাৰত নিয়োজিত একাংশ বহুজাতিক কোম্পানীৰ কৰ্ম-কাণ্ডৰ বাবে চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল ।

ঐতিহাসিক দেওপাহাৰৰ কাষৰীয়া অঞ্চলৰ কদৰ্য ৰূপ (ETV Bharat Assam)

জিলাখনৰ দৈগ্ৰোঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোং নদীৰ কাষৰীয়া অঞ্চল আৰু নুমলীগড়ৰ দেওপাহাৰলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ লোকৰ কৰ্ম-কাণ্ডই । এই বৃহত্তৰ অঞ্চলটোত একাংশ লোকে গেলা-পঁচা জীৱ-জন্তু, বৰ্জিত সামগ্ৰী পেলাই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে । পথাচাৰীয়ে যমৰ যাতনা ভোগ কৰি নাক-মুখ বন্ধ কৰিহে পাৰ হ'ব পাৰে পথছোৱাৰে । আনহাতে, নুমলীগড় শোধনাগাৰত একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্ম-কাণ্ডই ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক দেওপাহাৰৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ।

নুমলীগড় শোধনাগাৰৰ বেছিন প্লান্টৰ আৱৰ্জনা পেলাইছে কোনে ?

দৈগ্ৰোঙৰ এই অঞ্চলটোত নুমলীগড় শোধনাগাৰৰ বেছিন প্লান্টৰ আৱৰ্জনাৰ লগতে একাংশ লোকে গেলা-পচা সামগ্ৰী পেলাই দেওপাহাৰৰ লগতে জীৱ-জন্তু আৰু মানুহৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । এই সম্পৰ্কে মৰঙী আঞ্চলিক ছাত্ৰ সন্থাই মৰঙী ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । এই সন্দৰ্ভত এগৰাকী ছাত্ৰ নেতাই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আৱৰ্জনা নিষ্কাষণৰ সু-ব্যৱস্থা কৰাৰ লগতে ৰাজহুৱা স্থানত আৱৰ্জনা সিঁচৰতি কৰা নুমলীগড় শোধনাগাৰৰ বেছিন প্লান্টৰ বিৰুদ্ধে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে । নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে নিয়োজিত বেছিন প্লান্টসমূহে অলাগতিয়াল সামগ্ৰী, আৱৰ্জনা, চিমেণ্টৰ প্লাষ্টিক বেগসমূহ ৰাজহুৱা স্থানত সিচঁৰিত কৰিছে ।"

তেওঁ পুনৰ কয়, "দৈগ্ৰোং দলঙৰ নিচেই কাষত বিশেষকৈ দেওপাহাৰৰ বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ সৌন্দৰ্যময় পৰিবেশ বিনষ্ট কৰিছে । যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ কথা কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ঠিক তেনে সময়তে সকলো চৰকাৰী নীতি-নিৰ্দেশনা আওঁকাণ কৰি এই বেছিন প্লান্টসমূহে কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো । ইয়াৰ উপৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক ক'ব বিচাৰো লাখ লাখ টকা খৰছ কৰি তেওঁলোকে স্বচ্ছতাৰ নামত যি ঢাক-ঢোল বজায় আছে তাৰ ফোঁপোলা স্বৰূপ তেওঁলোকে পৰ্যবেক্ষণ কৰক ।"

উল্লেখ্য যে, দেওপাহাৰৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাকৈ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত বেছিন প্লান্ট সমূহে বৰ্জিত আৱৰ্জনা দৈগ্ৰোং নদীৰ কাষত বিশেষকৈ প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল দেওপাহাৰৰ এনেদৰে গোপনে পেলোৱা কাৰ্যৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমীসকলে ।

লগতে পঢ়ক:জনবসতিপূর্ণ অঞ্চলত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ - Dumping Ground In Guwahati - DUMPING GROUND IN GUWAHATI

ডাম্পিং গ্ৰাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ - dumping ground problems

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.