thumbnail

By

Published : Jun 11, 2023, 4:50 PM IST

ETV Bharat / Videos

Artificial flood in Nalbari Town: কৃত্ৰিম বানৰ কবলত নলবাৰী চহৰ; পানীত নামি SUCIৰ প্ৰতিবাদ

নলবাৰী, ১১ জুন: বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ গ্ৰাসত নলবাৰী চহৰ (Artificial flood in Nalbari)। অসাৰ হৈ আছে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাৰ সপোন । নলবাৰীক লৈ সপোন দেখা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব পৰা নাই চহৰখনক । এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় নলবাৰী চহৰ । নলবাৰীত এতিয়া কৃত্ৰিম বানপানীত দিশহাৰা পথচাৰী । কৃত্ৰিম বান প্ৰতিৰোধৰ দাবীত এছ ইউ চি আইৰ লগতে সচেতন মহলে পানীৰ মাজতে দেওবাৰে প্ৰতিবাদমুখৰ হৈ পৰে (SUCI protest in Nalbari Town)। পানীৰ মাজতে থিয় হৈ কৰিলে প্ৰতিবাদ ।

চহৰখনৰ প্ৰতিটো মূল পথতে এতিয়া কেবল পানী । চহৰখনত প্ৰতিবছৰে কৃত্ৰিম বানপানীয়ে পথচাৰীৰৰ মাজত যথেষ্ট আহুকালৰ সৃষ্টি কৰি আহিছে যদিও এই কৃত্ৰিম বানপানী নিষ্কাশনৰ বাবে নলবাৰী পৌৰসভাই কেইবাটাও প্ৰকল্প হাতত লৈছিল যদিও  সমস্যা সামাধান হোৱা নাই । উল্লেখযোগ্য যে,নলবাৰী চহৰক কৃত্ৰিম বানপানীমুক্ত কৰিবলৈ সম্প্ৰতি নলা-নৰ্দমা নিৰ্মাণ কৰি থকা হৈছে যদিও যোৱা নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণত কৃত্ৰিম বানপানীৰে উপচি পৰে নলবাৰী চহৰ । 

Assam Govt Job: হাজাৰ হাজাৰ নিবনুৱাই নিযুক্তি লাভ কৰা পাচতে বিজয় তাঁতীৰ উচুপনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.