thumbnail

Cyber Crime: চাইবাৰ অপৰাধীৰ জালত গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 11:02 AM IST

গুৱাহাটী, ২৯ চেপ্তেম্বৰ: এইবাৰ চাইবাৰ অপৰাধীৰ জালত মহানগৰীৰ এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী । বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এতিয়া নিজৰ লক্ষ্য কৰিছে চাইবাৰ অপৰাধী চক্ৰই । মহাবিদ্যালয়খনৰ বহুতো ছাত্ৰীৰ অশ্লীল ফটো নিৰ্মাণ কৰি ভাইৰেল কৰিছে বিভিন্ন সামাজিক মাধ্যমত । লগতে একাংশ ফোন নম্বৰৰ পৰাও ছাত্ৰীসকললৈ আহে অশ্লীল ফোন । 

জানিব পৰা মতে, বিগত 23 ছেপ্টেম্বৰৰ পৰা এই ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী বশিষ্ঠ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷

লগতে বশিষ্ঠ ACP প্ৰাঞ্জল বৰুৱাকো সাক্ষাৎ কৰে ছাত্ৰ-ছাত্ৰীসকলে । ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা পাতি ACP প্ৰাঞ্জল বৰুৱাই সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে ৷ যিহেতু এইটো চাইবাৰ চেলৰ কেছ, সেয়েহে এইটো থানাই নহয় অপৰাধ শাখাই তদন্ত কৰিব বুলি ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Minor Rape Case : নৃশংস : 15 বছৰীয়া কিশোৰীক হত্যা কৰি ধৰ্ষণ; তিনি দুৰ্বৃত্তক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.