Street play on jal jeevan mission:জল জীৱন মিছন আঁচনিৰ সজাগতা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন - street play
🎬 Watch Now: Feature Video

তিনিচুকীয়া, ১২ আগষ্ট : প্ৰতিঘৰ মানুহে যাতে বিশুদ্ধ খোৱাপানী পাব পাৰে তাৰ বাবে কেন্দ্ৰীয় মোদী চৰকাৰে ৰূপায়ণ কৰিছে জল জীৱন মিছন আঁচনি । জল জীৱন মিছনৰ কাম তৎপৰতাৰে কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এই পৰ্যন্ত এই আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই বহু পৰিয়ালে । শনিবাৰে তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ NSS ৰ উদ্যোগত চহৰখনৰ ব্যস্ত পথ থানা চাৰিআলিত জল জীৱন মিচনৰ আঁচনিৰ সজাগতা সম্পৰ্কে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ ছাত্ৰীসকলে বাটৰ নাটৰ জৰিয়তে বাটৰুৱাসকলৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷
বাটৰ নাটখনৰ জৰিয়তে সাধাৰণ ৰাইজে জল জীৱন মিছন আঁচনিৰ বিশুদ্ধ পানী সেৱন কৰাৰ অংশীদাৰ হোৱাৰ লগতে যাতে পানীৰ টেপ খুলি নাৰাখি অবাবত পানী নষ্ট নকৰে সেই সন্দৰ্ভত তেওঁলোকক অৱগত কৰোৱা হয় ৷
লগতে পঢ়ক : Jal Jeevan Mission Scheme:অসমত ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে জল জীৱনৰ কাম