Silsako Eviction : শিলসাঁকোৰ উচ্ছেদ; আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া - শিলসাঁকো
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 8:16 PM IST
গুৱাহাটী, 1 ছেপ্টেম্বৰ : শিলসাঁকোত চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰি শুকুৰবাৰে স্থানীয় মহিলাই অৰ্ধ নগ্ন প্ৰতিবাদ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই ৷ ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ বলি হোৱা মহিলাক উলংগ হ'বলৈ বাধ্য কৰিছে ৷ চৰকাৰখনৰ নৈতিকতাৰ স্খলন ঘটিছে ৷ আজি খিলঞ্জীয়াসকলৰ, আই মাতৃ সকলৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিছে ৷ ৰুদ্ৰাংকুৰ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধিক্কাৰ জনায় এই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী জনায় ৷
তেওঁ কয় যে, এই চৰকাৰে চৰম নিন্দনীয় আৰু গৰিহণা যোগ্য কাম কৰিছে ৷ আজিলৈকে বিজেপি চৰকাৰে কোনো সমস্যাৰ সমাধান দিবই পৰা নাই ৷ নিৰ্বাচনৰ আগমূহুৰ্তত সকলোকে ভূমিৰ অধিকাৰ দিম বুলি কোৱা চৰকাৰে তেওঁলোকক আজি কিয় উলংগ হ’লৈ এৰি দিলে বুলি প্ৰশ্ন কৰে নেতাজনে ৷ এনেধৰণৰ দুস্কাৰ্য পুনৰ যাতে বিজেপি চৰকাৰে নকৰে, অন্যথা পৰিস্থিতি বেয়া কৰাৰ বাবে বিজেপি চৰকাৰেই জগৰীয়া হ’ব বুলি মন্তব্য কৰে আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই ৷
লগতে পঢ়ক : Eviction at Silsako : ‘‘হয় গুলীয়াই মাৰক, নহ'লে নিজেই পেট্ৰ’ল ঢালি মৰিম’’; প্ৰতিবাদকাৰীৰ ভাবুকি