জীৱনৰ ছন্দ বিচাৰি জিৰোৰ মুদাং য়াখাৰ সংগ্ৰাম - North East India Fashion Week

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 7:54 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ: শাৰীৰিক প্ৰতিবন্ধকতা জীৱনৰ বাটত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । ইচ্ছা আৰু মনোবল থাকিলে যিকোনো কাম কৰিব পাৰে সকলোৱে । তাকে প্ৰমাণ কৰিলে অৰুণাচলৰ এগৰাকী মহিলাই । অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জিৰোৰ দৃষ্টিহীন মহিলা এগৰাকীয়ে বস্ত্ৰ শিল্পৰে জড়িত হৈ স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে । অৰুণাচল প্ৰদেশৰ জিৰোৰ মুদাং য়াখা নামৰ দৃষ্টিহীন মহিলা গৰাকীয়ে বিগত ১২ বছৰ ধৰি বস্ত্ৰ উৎপাদন কৰি স্বাৱলম্বী হৈছে । তেওঁ উৎপাদন কৰা বস্ত্ৰ ইতিমধ্য়ে ফেশ্বন শ্ব'ত প্ৰদৰ্শন হৈছে । আজি গুৱাহাটী প্ৰেছ ক্লাবত এইগৰাকী মহিলাই বৰ্ণনা কৰিলে জীৱনৰ বহুতো ঘাত-প্ৰতিঘাত ।

স্বামীৰ মৃত্য়ুৰ পিছত মুদাং য়াখা দুই কন্যা সন্তানক লৈ খেতি বাতি কৰি পৰিয়াল পোহপাল দিছিল । কিন্তু ১২ বছৰ পূৰ্বে আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল মুদাং য়াখাই । তাৰ পিছতে তেওঁ জীৱনৰ ছন্দ হেৰুৱাই পেলায় । ঘৰত থাকি সময় অতিবাহিত নোহোৱাত তেওঁ আৰম্ভ কৰিলে হস্ততাত কাপোৰ উৎপাদন । তেতিয়াৰে পৰা তেওঁ কাপোৰ উৎপাদন কৰি স্বাৱলম্বী হ'বলৈ ধৰিলে ।

তেওঁ প্ৰতি মাহে তেওঁলোকৰ পৰম্পৰাগত গালে,মাফলাৰ ২-৩ খনকৈ উৎপাদন কৰি আহাৰ লগতে হস্তনিৰ্মিত গহনা, ঊণৰ চুৱেটাৰ আদি তৈয়াৰ কৰি আহিছে । বিভিন্ন প্ৰত্যাহ্বান নেওচিও বস্ত্ৰ প্ৰস্তুত কৰি আহিছে । তেওঁ তৈয়াৰ কৰা বস্ত্ৰ প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকত প্ৰদৰ্শিত হৈছে ।

লগতে পঢ়ক:আমি এনেকৈ ওলাই আহিবলৈ নিবিচাৰো, কিন্তু কামৰ মূল্য বিচাৰি ৰাস্তালৈ..

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.