White revolution: দুগ্ধ উৎপাদনেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা ৰামলাল মাহাতোৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 12:04 PM IST

thumbnail

ওদালগুৰি, ১৬ নৱেম্বৰ : ভাৰত ভূটান সীমান্ত অঞ্চলত দুগ্ধ উৎপাদনেৰে বিপ্লৱৰ সূচনা কৰিব ওলাইছে ওদালগুৰি জিলাৰ এজন যুৱকে । যুৱকজনৰ নাম ৰামলাল মাহাতো । ৰামলাল মাহাতোৱে ভাৰত ভূটান সীমান্তৰ চামৰাঙত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে উন্নত প্ৰজাতিৰ গাই গৰুৰ ফাৰ্ম আৰম্ভ কৰিছে । বুধবাৰে এই ফাৰ্মখন শুভ উদ্বোধন কৰে বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে ।

ৰামলাল মাহাতোৱে উল্লেখ কৰা অনুসৰি, এই ফাৰ্মৰ বাবে হাৰিয়ানাৰ পৰা উন্নত প্ৰজাতিৰ HF BIT গৰুসমূহ ক্ৰয় কৰা হৈছে । প্ৰতিটো গৰুৰ মূল্য ১ লাখ ৭৫ হাজাৰ টকা । প্ৰতিটো গৰুৱে প্ৰতিদিনে ৩০ পৰা ৩৫ লিটাৰ গাখীৰ দিব ৷ এই ফাৰ্মলৈ বৰ্তমানলৈ ৮ টা গৰু আহি পাইছে আৰু ১৪২ টা গৰু আহিবলৈ বাকী আছে । এইদৰে এক বৃহৎ গৰু পালনৰ ফাৰ্ম এখনৰ পৰিকল্পনা কৰিছে ৰামলাল মাহাতোৱে ।

লগতে পঢ়ক : Majuli Raas festival : আগন্তুক ৰাসৰ বাবে সাজু মাজুলীৰ পাৰ ঘাটসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.