বিলাসীপাৰাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক - Assam police against drugs
🎬 Watch Now: Feature Video


Published : Dec 13, 2023, 5:29 PM IST
বিলাসীপাৰা, ১৩ ডিচেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু CRPF ৰ যৌথ অভিযান । CRPF আৰু বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ যৌথ অভিযানত সোণকোষ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে ৪৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ । লগতে গ্ৰেপ্তাৰ কৰা হয় দুটাকৈ ড্ৰাগছ মাফিয়াক । ধৃত ড্ৰাগছ মাফিয়া দুটা জাহানুৰ আলী আৰু আশ্ৰাফুল আলম বুলি জানিবপৰা গৈছে । ধৃত জাহানুৰ আলী আৰু আশ্ৰাফুল আলমৰ ঘৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত নয়াহাটত ।
ড্ৰাগছ মাফিয়া জাহানুৰ আলী আৰু আশ্ৰাফুল আলমৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ লগতে AS17H4621 নম্বৰৰ মটৰচাইকেল বাহন জব্দ কৰে । উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত জাহানুৰ আলী আৰু আশ্ৰাফুলে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু CRPF এ । ড্ৰাগছ মাফিয়া জাহানুৰ আলী আৰু আশ্ৰাফুল আলমৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে ।
লগতে পঢ়ক: লংকাত শতাধিক চুৰি ম'বাইলসহ চোৰক আটক