SMSS slams Assam govt: পঞ্চায়ত নিৰ্বাচনত ৰাইজে চৰকাৰক প্ৰত্যুত্তৰ দিব; ছাত্ৰ মুক্তি - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
🎬 Watch Now: Feature Video
Published : Sep 17, 2023, 9:46 PM IST
তিনিচুকীয়া, ১৭ ছেপ্টেম্বৰ: সংশোধনী আইন-২০২৩ ৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতি । পঞ্চয়তিৰাজ সংশোধনী আইনৰ দ্বাৰা গাঁৱৰ ৰাইজৰ মূৰত যি ৰাম টাঙোন মৰাৰ ব্যৱস্থা কৰিছে তাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণে ক্ষোভ প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত উমানন্দ মুদৈ মৰাণে কয় যে গাঁৱৰ প্ৰত্যেক ঘৰৰ পুখুৰীৰ ওপৰতো যি কৰ আৰোপ কৰিছে, লগতে গাঁৱত থকা প্ৰত্যেক দোকানে চৰকাৰক যি কৰ প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে সেয়া কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি তেওঁ সকীয়াই দিয়ে । ছাত্ৰ নেতাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ বিজেপিৰ দলটোক দিবলৈ ৰাইজে সাজু হোৱা উচিত বুলি কয় ।
লগতে পঢ়ক:Computer Teachers in Assam: চাকৰিক লৈ অনিশ্চয়তাত ৰাজ্যৰ সহস্ৰাধিক কম্পিউটাৰ শিক্ষক