Diwali 2023 : প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি দুপৰ নিশালৈ ফুটালে ফটকা-আতচবাজী, কেইবাজনকো আটক
🎬 Watch Now: Feature Video
যোৰহাট, 13 নৱেম্বৰ : জিলা প্ৰশাসনে নিৰ্দিষ্ট সময়ৰ ভিতৰত ফটকা-আতচবাজী ফুটাবলৈ ৰাইজক নিৰ্দেশ দিছিল ৷ যদিহে এই নিৰ্দেশক কোনো লোকে উলংঘা কৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰশাসনে ৷ এই নিৰ্দেশ অনুসৰি দীপাৱলীৰ নিশা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে ৷
জানিব পৰা মতে দীপাৱলীৰ দুপৰ নিশা যোৰহাটৰ মাৰোৱাৰী পট্টিত একাংশ লোকে প্ৰশাসনৰ নিৰ্দেশ আমান্য কৰি উচ্চ প্ৰাৱল্যৰ আতচবাজী ফুটাই থকাৰ লগতে একাংশ উদণ্ড লোকে চৰমসীমা অতিক্ৰম কৰি পথেৰে অহা-যোৱা কৰা গাড়ীলৈ নিক্ষেপ কৰি আছিল বোমা-ফটকা ৷ ফলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷
এইসকল লোকক নাকী লগাবলৈ আৰক্ষীয়ে অভিযান চলাবলৈ বাধ্য হৈ পৰিল ৷ এই অভিযানত কেইবাজনো লোকক আটক কৰে আৰক্ষীয়ে ৷ ইফালে কেইবাজনো লোক আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাও পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Fire Incident: বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি