Robbery at Nilam Bazar: কৰিমগঞ্জৰ নিলাম বজাৰত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা - ডকাইতি
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 13 জুন : কৰিমগঞ্জৰ নিলামবজাৰত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে । ডকাইত দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত অৱস্থাত দুজন ব্যক্তিক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ডকাইতৰ দলে সোণৰ অলংকাৰ আৰু নগদ প্ৰায় আঠ লাখ টকা লুট কৰি লৈ যায় ।
প্ৰাপ্ত খবৰ অনুসৰি কেউটকোনা গাঁৱৰ ময়নুল হক নামৰ ব্যক্তিজনৰ ঘৰত নিশা প্ৰায় এক মান বজাত ১০/১২ জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দলে লুট-পাত চলায় । সম্মুখত হাৰ্ডৱেৰ দোকান আৰু পাচফালে বাসগৃহ থকা ময়নুল হক নামৰ ব্যক্তিজনৰ বাসগৃহৰ দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰিছিল প্ৰায় ১০/১২ জনীয়া অস্ত্ৰধাৰী এটা ডকাইতৰ দলে । দলটোৱে দোকানৰ কেছ বাকচৰ পৰা নগদ প্ৰায় আঠ লাখ টকা লুট কৰাৰ সমান্তৰালকৈ মহিলাসকলৰ শৰীৰত থকা অলংকাৰ আদি লুটি নিয়ে ।
ইপিনে ডকাইতৰ দলটোক বাধা প্ৰদান কৰিবলৈ যাওতে ময়নুল হকসহ তেওঁৰ পুত্ৰ আফজল হুছেইনৰ ওপৰত আক্ৰমণ চলায় ডকাইতৰ দলটোৱে । যাৰ ফলত দুইজন যথেষ্ট আঘাতপ্ৰাপ্ত হয় ৷ দুয়োকে ভৰ্তি কৰোৱা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত । পুৱাৰ ভাগত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । কৰিমগঞ্জৰ আৰক্ষী বিষয়া পার্থপ্রতিম দাসে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যেই ঘটনাস্থলীৰ পৰা কিছু দূৰত এখন পথাৰত এটা ম’বাইল ফোন উদ্ধাৰ হৈছে ৷
লগতে পঢ়ক : Teok accident : সঠিক সময়ত এম্বুলেন্স আহি নোপোৱাৰ বাবেই মৃত্যু যুৱকৰ