Self reliant youth: লোহিজান নৈৰ চন পৰা ভূমিত কৃষিকৰ্মত ব্য়স্ত যুৱক

🎬 Watch Now: Feature Video

thumbnail

জোনাই, ৩ জুন: নিৱনুৱা সমস্যাই ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে জোনাইৰ একাংশ শিক্ষিত যুৱকে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এক পথ দেখুৱাছে । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত লোহিজান নদীৰ চন পৰা ভূমিত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে জোনাইৰ একাংশ শিক্ষিত যুৱকে (Self reliant youth in Jonai)।  

চৰকাৰী চাকৰিৰ পাছে পাছে দৌৰি সময় নষ্ট নকৰি তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি ৪০ বিঘা মাটিত ৰঙা বাওঁধানৰ খেতি আৰম্ভ কৰিছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰঙা বাওঁ ধানৰ যচেষ্ট চাহিদা দেখি দুচকুত সপোন দেখিছে এইসকল উদ্য়মী যুৱকে (Cultivation on the bank of Lohijan river)।

প্ৰখৰ গৰমকো নেওচি ব্যস্ত হৈ পৰিছে পথাৰত । লোহিজান নদীৰ চন পৰা ভূমিত কৃষি কৰ্মৰ জৰিয়তে যুৱকৰ দলটোৰ নেতৃত্বত আছে জাৰবম ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ (Jarbom farmer producer company limited) বিনোদ দলে, ৰাজ কুমাৰ পাংগিং, হৰি প্ৰসাদ পাদি, বিনয় কুমাৰ লাগাছো, অমৃত পেগু, ৰাহুল দলে, জুয়েল পেগু, জোনমণি পেগু, জুনু পেগু, দিলীপ কুলি আদি । 

লগতে পঢ়ক:Madhabdev Birthplace Development Committee:মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সংবাদমেল 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.