কাছাৰৰ ৰংপুৰত ৫ লাখ টকাৰ জাল নোট জব্দ

🎬 Watch Now: Feature Video

thumbnail

শিলচৰ: উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কাছাৰৰ ৰংপুৰত জব্দ ৫ লাখ টকাৰ জাল নোট । গ্ৰেপ্তাৰ এক সৰবৰাহকাৰী । কাছাৰৰ ধলাইৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জিলাখনৰ ৰংপুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৫ লাখ টকাৰ জাল নোট । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমিনুৰ ৰহমান ওৰফে বাবুল নামৰ এক সৰবৰাহকাৰীক ।  

গোপন সূত্ৰৰ ভিত্তিত সন্ধিয়া আৰক্ষীৰ এটা দলে ৰংপুৰ অঞ্চলৰ জিয়াউল ইছলাম নামৰ এজন লোকৰ হোটেলত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোটখিনি । আৰক্ষীৰ অভিযানৰ উমান পাই হোটেল মালিক জিয়াউল পলাই যায় যদিও আমিনুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত যুৱকজনৰ পৰা আৰক্ষীৰ ১০০০ খন পাঁচশ টকীয়া নোট অৰ্থাৎ ৫ লাখ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত । 

লগতে পঢ়ক: এফালে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; আনফালে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি ৰাইজৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ধুমুহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.