ETV Bharat / sports

বাবৰে নোৱাৰাটো কৰি দেখুৱালে ৰিজৱানে; 7 বছৰৰ পিছত পাকিস্তানৰ হাতত পৰাজিত অষ্ট্ৰেলিয়া - PAK BEAT AUSTRALIA BY 9 WICKETS

Aus vs pak odi series: হাৰিছ ৰৌফৰ দুৰ্দান্ত বলিঙৰ সন্মুখত ছেদেলি-ভেদেলি অষ্ট্ৰেলিয়াৰ বেটছমেন ৷ 7 বছৰৰ পিছত কেংগাৰু বাহিনীক পৰাস্ত পাকিস্তানৰ ৷

Pak beat Australia by 9 wickets
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানৰ জয় লাভ (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 5:26 PM IST

নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত পৰাস্ত হোৱা পাকিস্তানে দ্বিতীয় এদিনীয়াত জয় লাভেৰে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে ৷

পাকিস্তানে শেহতীয়াকৈ বাবৰ আজমৰ স্থানত বগা বলৰ অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছিল মহম্মদ ৰিজৱানক ৷ ৰিজৱানে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পাকিস্তানে 7 বছৰৰ মূৰত এদিনীয়া মেচত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিবলৈ সক্ষম হয় ৷

অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত আৰম্ভ হোৱা 3 খন এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন খেলত ৰিজৱান বাহিনীয়ে কেংগাৰুসকলক 9 উইকেটত ধুলিসাৎ কৰে । মেচখনত কৰা জয় লাভৰ ফলত পাকিস্তানে শৃংখলাটোত 1-1 ব্যৱধানত সমতা স্থাপন কৰে ৷

পাকিস্তানী বলাৰ হাৰিফ ৰৌফৰ দুৰ্দান্ত বলিং আছিল মূলতঃ দলটোৰ জয়ৰ কাৰণ ৷ সোঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে মাত্ৰ 29 ৰাণ ব্যয় কৰি দখল কৰে 5 টাকৈ উইকেট ৷ ৰৌফৰ বলিঙৰ ভিত্তিতে পাকিস্তানে অষ্ট্ৰেলিয়াক মাত্ৰ 163 ৰাণত ধৰি ৰাখিবলৈ সক্ষম হয় । ৰৌফৰ লগতে শ্বাহিন আফ্ৰিদীয়ো 3 টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত পাকিস্তানে এটা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

হাৰিছ ৰৌফৰ ধুমুহা

হাৰিছ ৰৌফে জছ ইংলিশক তেওঁৰ প্ৰথমটো চিকাৰ হিচাপে আউট কৰে ৷ ইয়াৰ পিছত ৰৌফে মাৰ্ণাছ লাবুচেন আৰু এৰন হাৰ্ডিৰ উইকেট দখল কৰে । এনেদৰে ৰৌফে এটাৰ পিছত আনটো উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড ভাঙি পেলায় ৷

ৰৌফে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ লগতে গ্লেন মেক্সৱেলৰো উইকেট দখল কৰে ৷ সমান্তৰালকৈ হেৰিছে নিজৰ এদিনীয়া কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে পাঁচটা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ এয়া আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানী বলাৰগৰাকীৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া প্ৰদৰ্শন ।

হাৰিছ ৰৌফ এডিলেইডত এখন এদিনীয়াত 30 ৰাণতকৈও কম ৰাণত 5 টা উইকেট দখল কৰা প্ৰথমগৰাকী পাকিস্তানী ফাষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে, ছোহেল খানে 2015 চনত একেখন খেলপথাৰতে ভাৰতৰ বিৰুদ্ধে 55 ৰাণত পাঁচটা উইকেট দখল কৰিছিল ।

সম্প্ৰতি এডিলেইডত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ আছে হাৰিছ ৰৌফৰ নামত ৷ চাকলাইন মুস্তাকে 28 বছৰ আগতে এই খেলপথাৰত 29 ৰাণত পাঁচটা উইকেট দখল কৰিছিল ৷

অষ্ট্ৰেলিয়াৰ বেটিং বিপৰ্যয়

আশ্চৰ্যজনকভাৱে কিংবদন্তী বেটছমেনেৰে গঠিত অষ্ট্ৰেলিয়াই দ্বিতীয় এদিনীয়াত 50 অভাৰো খেলিব নোৱাৰিলে । দলটোৰ কোনো এগৰাকী বেটছমেনে অৰ্জন কৰিব নোৱাৰিলে অৰ্ধশতক । অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভ স্মিথে সৰ্বাধিক 35 ৰাণ সংগ্ৰহ কৰে ।

তেওঁৰ বাহিৰে কোনো এগৰাকী খেলুৱৈয়ে 20 ৰ ওপৰত ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল ৷ দলটোৰ হৈ চমু 19 আৰু মাগাৰ্কে মাত্ৰ 13 ৰাণ সংগ্ৰহ কৰে । তদুপৰি ইংলিশে 18 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে লাবুচেনে 6 ৰাণ সংগ্ৰহ কৰিছিল । মেক্সৱেলেয়ো মাত্ৰ 16 ৰাণহে সংগ্ৰহ কৰে । হাৰ্ডিৰ বেটৰ পৰা সংগ্ৰহ হৈছিল 14 ৰাণ ৷

বাবৰে নোৱাৰাটো ৰিজৱানে কৰি দেখুৱালে

পাকিস্তানে এটা উই​কেট হেৰুৱাই 26.3 অভাৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া 164 ৰাণৰ লক্ষ্যত উপনীত হয় ৷ দলটোৰ হৈ ছাইম আয়ুব 82 আৰু আব্দুল্লাহ চফিকে অপৰাজিত 64 ৰাণ সংগ্ৰহ কৰে । পাকিস্তানৰ হৈ প্ৰাক্তন অধিনায়ক বাবৰ আজমে অপৰাজিত 19 ৰাণ সংগ্ৰহ কৰে ।

যোৱা 8 বছৰত বাবৰ আজমৰ অধিনায়কত্বত কেতিয়াও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় লাভ কৰিব পৰা নাছিল পাকিস্তানৰ ক্ৰিকেট দলটো ৷ কিন্তু ৰিজৱানে অধিনায়ক হিচাপে প্ৰথমটো ভ্ৰমণতে 9 উইকেটৰ বিনিময়ত দলটোৰক জয়ৰ সোৱাদ প্ৰদান কৰে ৷

লগতে পঢ়ক: ০,০,০,০,০,০... এদিনীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে 6 গৰাকী বেটছমেন শূন্যত আউট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.