নতুন দিল্লী : দিল্লী এন চি আৰবাসীয়ে সোমবাৰে পুৱা প্ৰায় ৫:৩৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে । ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩ । ইয়াৰ কেন্দ্ৰস্থল নতুন দিল্লীত ৫ কিলোমিটাৰ গভীৰতাত আছিল । নেশ্যনেল চেণ্টাৰ ফৰ ছিচম'লজিৰ মতে পুৱা ৫:৩৭ বজাত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল । এনে পৰিস্থিতিত দিল্লীবাসী আতংকিত হৈ ঘৰৰ পৰা ওলাই আহে ।
দিল্লীত ভূমিকম্প
#WATCH | A 4.0-magnitude earthquake jolted the national capital and surrounding areas | A resident of Ghaziabad says, " tremors were so strong. i have never felt like this ever before. the entire building was shaking..." pic.twitter.com/e2DoZNpuGx
— ANI (@ANI) February 17, 2025
নতুন দিল্লী ৰে'ল ষ্টেচনৰ অনীশ নামৰ এজন বিক্ৰেতাই কয়, "হঠাতে সকলোবোৰ লৰচৰ কৰিবলৈ ধৰিলে আৰু গ্ৰাহকসকলে চিঞৰিবলৈ ধৰিলে ।" নতুন দিল্লী ৰে'ল ষ্টেচনত ৰে'লৰ বাবে অপেক্ষা কৰি থকা এজন যাত্ৰীয়ে কয়, "এনে অনুভৱ হৈছিল যেন ইয়াত মাটিৰ তলেৰে ৰে'ল চলি আছে । সকলোবোৰ কঁপি উঠে ।" আন এজন লোকে কয়,"মই লাউঞ্জত অপেক্ষা কৰি আছিলো । সকলোৱে তাৰ পৰা দৌৰি ওলাই গৈছিল । এনে লাগিছিল যেন এখন দলং বা কিবা খহি পৰিছে ।"
#WATCH | A 4.0-magnitude earthquake jolted the national capital and surrounding areas | A passenger awaiting his train at New Delhi railway station says, " it was for a lesser time, but the intensity was so high. it felt like any train has come with a very high speed." pic.twitter.com/ni6BOaUYUq
— ANI (@ANI) February 17, 2025
আন এজন যাত্ৰীয়ে কয়, "এয়া অলপ সময়ৰ বাবে আছিল, কিন্তু তীব্ৰতা বহুত বেছি আছিল । এনে লাগিছিল যেন এখন ৰে'ল অতি তীব্ৰ গতিত আহিছিল ।" ইফালে গাজিয়াবাদৰ এজন বাসিন্দাই জনাইছিল যে জোকাৰণি ইমান শক্তিশালী আছিল যে তেওঁ পূৰ্বে কেতিয়াও এনেকুৱা অনুভৱ কৰা নাছিল ।
#WATCH | A 4.0-magnitude earthquake jolted the national capital and surrounding areas | A passenger awaiting his train at New Delhi railway station said, " we felt as if any train was running here underground... everything was shaking." pic.twitter.com/ZewyBtkQEz
— ANI (@ANI) February 17, 2025
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এক্সত লিখিছে, "মই সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছো ।"
পূৰ্বেও কম্পন অনুভূত হৈছিল :
ইয়াৰ পূৰ্বেও দিল্লী-এন চি আৰ অঞ্চলত অতি সাধাৰণৰ পৰা মধ্যমীয়া তীব্ৰতাৰ ভূমিকম্পৰ জোকাৰণি পোৱা গৈছিল । বিশেষজ্ঞসকলৰ মতে এই অঞ্চলত সাধাৰণ কম্পন সচৰাচৰ হয় । সেয়ে এই অঞ্চলত সতৰ্কতাৰ প্ৰয়োজন । ভূমিকম্পৰ সময়ত মানুহে ভয় খোৱাৰ পৰিৱৰ্তে সুৰক্ষাৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগে । দিল্লী-এন চি আৰ অঞ্চলক ভূমিকম্পৰ ক্ষেত্ৰত সংবেদনশীল এলেকা হিচাপে গণ্য কৰা হয় আৰু ভূমিকম্পৰ ক্ষেত্ৰ ৪-ৰ অন্তৰ্গত । এই অঞ্চলবোৰত মধ্যমীয়াৰ পৰা শক্তিশালী ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকে ।
#WATCH | A 4.0-magnitude earthquake jolted the national capital and surrounding areas | A passenger awaiting his train at New Delhi railway station says, " i was in the waiting lounge. all rushed out from there. it felt as if any bridge or something had collapsed..." pic.twitter.com/TpmLpD7g2G
— ANI (@ANI) February 17, 2025
দেশৰ ৰাজধানী অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰাৰ লগে লগে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট দেখা গৈছে । সকলোৱে নিজৰ নিজৰ অনুভৱ শ্বেয়াৰ কৰিছে । আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে এক্সত লিখিছে, "দিল্লীত এইমাত্ৰ এক শক্তিশালী ভূমিকম্প হৈছে । মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো যাতে সকলোৱে সুৰক্ষিত থাকে ।"
লগতে পঢ়ক :দিল্লী ৰে'ল ষ্টেচন পদপিষ্ট ঘটনা; কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ - DELHI RAILWAY STATION STAMPEDE