স্প’ৰ্টছ ডেস্ক: ভাৰতৰ কিৰণ জৰ্জে নিজৰ দৰ্শনীয় ফৰ্ম অব্যাহত ৰাখি জাপানৰ টাকুমা ওবায়াশীক পোনপটীয়া খেলত পৰাস্ত কৰে ৷ এই জয়ৰ লগে লগে শুকুৰবাৰে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্ণামেণ্টৰ পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় খেলুৱৈগৰাকী ।
বিশ্বৰ 41 নং স্থানত থকা 24 বছৰীয়া ভাৰতীয় খেলুৱৈ জৰ্জে মাত্ৰ 39 মিনিটত 34 নং স্থানৰ খেলুৱৈ ওবায়াশীক 21-14, 21-16 ব্যৱধানত পৰাস্ত কৰি বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ চুপাৰ 300 ইভেণ্টত আন এক জয় পঞ্জীয়ন কৰে ।
Badminton: Kiran George storms into SEMIS of Korea Masters (Super 300).
— India_AllSports (@India_AllSports) November 8, 2024
Kiran knocks OUT 5th seed & WR 34 Takuma Obayashi 21-14, 21-16. #KoreaMasters2024 pic.twitter.com/2oEZ4OggYH
শনিবাৰে ছেমি ফাইনেলত চীনৰ লিউ লিয়াঙৰ বিৰুদ্ধে 21-15, 21-11 ব্যৱধানত জয়লাভ কৰা থাইলেণ্ডৰ শীৰ্ষস্থান প্ৰাপ্ত আৰু বিশ্বৰ পাঁচ নম্বৰ স্থানৰ খেলুৱৈ কুংলাৱত ভিটিডচাৰিনৰ মুখামুখি হ'ব জৰ্জ ।
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় শ্বাটলাৰ জৰ্জে সমগ্ৰ মেচখনত উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল ৷ প্ৰথমটো ছেটত জৰ্জে 15-6 ৰ অগ্ৰগতি লাভ কৰাৰ পিছত ওবায়াশীয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাই আৰু 12-16 পইণ্ট লাভ কৰে যদিও ভাৰতীয় খেলুৱৈগৰাকীয়ে একেৰাহে চাৰি পইণ্ট অৰ্জন কৰি প্ৰথমটো ছেট হস্তগত কৰে ৷
🏸 𝗠𝗮𝗿𝗰𝗵𝗶𝗻𝗴 𝘁𝗼𝘄𝗮𝗿𝗱𝘀 𝘁𝗵𝗲 𝗰𝗵𝗮𝗺𝗽𝗶𝗼𝗻𝘀𝗵𝗶𝗽! Kiran George cruised into the Men's Singles semi-final, defeating 🇯🇵's Takuma 21-14, 21-16 in the quarter-final.#KiranGeorge #BWFWorldTour #KoreaMasters2024 #IndiaOnTheRise #IndianBadminton #Sportwalk pic.twitter.com/kyNm6Zg11K
— Sportwalk Media (@sportwalkmedia) November 8, 2024
দ্বিতীয়টো ছেট আছিল অতি প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ৷ দুয়োগৰাকী খেলুৱৈয়ে কঠিন যুঁজ আগবঢ়াইছিল ৷ জৰ্জ প্ৰথমতে 7-3 পইণ্টত আগবাঢ়ি আছিল যদিও ওবায়াশীয়ে কিছু উন্নত প্ৰদৰ্শন দাঙি ধৰি 8-8 সমতা স্থাপন কৰে ৷
খেলখনৰ শেষ মুহূৰ্তত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে পুনৰ আধিপত্য বিস্তাৰ কৰি 17-16 ব্যৱধানৰ পৰা একেৰাহে চাৰি পইণ্ট লাভ কৰি জয়লাভ কৰে । জৰ্জে বৃহস্পতিবাৰে চীনা টাইপেইৰ তৃতীয় ছিড চি ইউ জেনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল ৷
লগতে পঢ়ক: কিৰণ জৰ্জৰ দুৰ্দান্ত প্ৰদৰ্শন, কোৰিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ