নতুন দিল্লী : অৱসৰৰ পিছৰ খৰচৰ বাবে সঞ্চয় কৰাৰ সৰ্বোত্তম বিকল্প হ’ল ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা (NPS)। এয়া চৰকাৰী আঁচনি । সেয়েহে ইয়াত বিনিয়োগ কৰাটো সম্পূৰ্ণ নিৰাপদ ।
ইয়াত বিনিয়োগ কৰিলে দীৰ্ঘকালীনভাৱে এক বৃহৎ পুঁজিৰ সৃষ্টি হয়, যিটো অৱসৰৰ পিছৰ সময়চোৱাৰ বাবে অতি উপযোগী । ইয়াৰ উপৰিও প্ৰতিমাহে পেন্সনৰ ৰূপত নিয়মীয়া আয়ো আছে । কিন্তু, গ্ৰাহকৰ বয়স ৬০ বছৰ হোৱাৰ পিছত এই সুবিধাসমূহ উপলব্ধ ।
কিন্তু এই কাৰণেই বহুতেই আকৌ NPS ত বিনিয়োগ নকৰে ৷ কিয়নো কিছুলোকে অনুভৱ কৰে যে যদি তেওঁলোকক ৬০ বছৰৰ পূৰ্বেই টকাৰ প্ৰয়োজন হয়, তেন্তে NPS ত জমা হোৱা ধন তেওঁলোকৰ কোনো কামত নাহে । কিন্তু সেয়া সঁচা নহয়। গ্ৰাহকৰ ৬০ বছৰ বয়স হোৱাৰ আগতেই NPS ৰ পৰা ধন উলিওৱাৰ অনুমতি আছে ৷
অৱশ্যে NPS ৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আপুনি কিছু নিয়ম বা চৰ্তৰ বিষয়ে জানিব লাগিব ৷ সেয়া তলত বিৱৰণ কৰা হ’ল -
আংশিক ধন উলিওৱাৰ ক্ষেত্ৰত : NPS একাউণ্ট খোলাৰ তিনি বছৰৰ পিছতহে গ্ৰাহকে কিছু ধন উলিয়াব পাৰিব । চৰ্ত হ’ল গ্ৰাহকে তেওঁৰ মুঠ বৰঙণিৰ ২৫ শতাংশ উলিয়াব পাৰিব । ইয়াৰ ভিতৰত নিয়োগকৰ্তাৰ অৱদান অন্তৰ্ভুক্ত নহ’ব । PFRD এই কিছুমান বিশেষ পৰিস্থিতিত ২৫ শতাংশ অৱদান প্ৰত্যাহাৰৰ অনুমতি দিছে ।
- গ্ৰাহকে নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ধন উলিয়াব পাৰিব ।
- গ্ৰাহকে নিজৰ বা নিজৰ সন্তানৰ বিয়াৰ বাবে এই ধন উলিয়াব পাৰে ।
- যদি গ্ৰাহকৰ ঘৰ নাথাকে, তেন্তে সেই টকা তেওঁ উলিয়াই ঘৰ কিনিব বা ঘৰ বনাব পাৰে ।
- গ্ৰাহকে নিজৰ, পত্নী/স্বামী বা সন্তানৰ চিকিৎসাৰ বাবে ধন উলিয়াব পাৰে । কিন্তু, এই ধন কেৱল কেন্সাৰ, বৃক্ক আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবেহে উলিয়াব পাৰিব।
মন কৰিবলগীয়া যে, NPS ৰ কাৰ্যকালত গ্ৰাহকে তিনিবাৰকৈ আংশিকভাৱে উলিওৱাৰ অনুমতি দিয়া হৈছে । এটা উলিওৱাৰ পৰা পিছৰটোৰ মাজত কমেও ৫ বছৰৰ ব্যৱধান থাকিব লাগে ।
- সময়ৰ পূৰ্বেই এই ধন উলিওৱা (৬০ বছৰ বয়সৰ আগতে উলিওৱা) : যদি কোনো কাৰণত গ্ৰাহকে ৬০ বছৰ বয়সৰ আগতেই NPS ৰ পৰা ধন উলিয়াব বিচাৰে, তেন্তে তেওঁ একাউণ্ট খোলাৰ ১০ বছৰৰ পিছত সেই ধন উলিয়াব পাৰিব । কিন্তু, ইয়াৰ বাবেও কিছু চৰ্ত আছে ।
- কৰ্পাছৰ ৮০ শতাংশ বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগে । এই বাৰ্ষিকীৰ পৰা প্ৰতিমাহে পেঞ্চন পাব ।
- কৰ্পাছৰ ২০ শতাংশ অৰ্থাৎ মুঠ ৰেডি ফাণ্ড এককালীনভাৱে উলিয়াব পৰা যায় ।
অৰ্থাৎ যদি গ্ৰাহকে ১০ বছৰৰ পিছত নিজৰ ধন উলিয়াব বিচাৰে, তেন্তে তেওঁ মুঠ ৰেডি ফাণ্ডৰ ৮০ শতাংশ বাৰ্ষিকী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব । ইয়াৰ লগে লগে তেওঁ প্ৰতিমাহে পেঞ্চন লাভ কৰিব, যি হৈছে NPS ত বিনিয়োগৰ মূল উদ্দেশ্য ।
- ৬০ বছৰৰ আগতেই গ্ৰাহকৰ মৃত্যু হ’লে : যদি গ্ৰাহকৰ ৬০ বছৰৰ আগতেই মৃত্যু হয়, তেন্তে তেওঁৰ মনোনীত বা আইনী উত্তৰাধিকাৰীয়ে NPS ত জমা কৰা সমগ্ৰ ধন এককালীনভাৱে উলিয়াব পাৰে । এনে পৰিস্থিতিত বাৰ্ষিকী (annuity) কিনাৰ প্ৰয়োজন নাই । ইয়াৰ লগে লগে গ্ৰাহকৰ পৰিয়ালে এককালীন ধনেৰে সমগ্ৰ ধন লাভ কৰে ।
কৰ কিমান হ’ব ?
সময়ৰ পূৰ্বেই ধন উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰ নিয়মসমূহ বুজাটো গুৰুত্বপূৰ্ণ । আংশিকভাৱে উলিওৱা অৰ্থাৎ NPS কৰ্পাছৰ ২৫ শতাংশলৈকে কৰমুক্ত । যদি গ্ৰাহকে নিৰ্দিষ্ট সময়ৰ আগতেই সমগ্ৰ ধন উলিয়াব বিচাৰে তেন্তে ধনৰ ২০ শতাংশ এককালীন কৰ আদায় কৰা হ’ব ।
মনত ৰাখিব যে যদি সম্পূৰ্ণ ধন সময়ৰ পূৰ্বেই ধন উলিওৱা হয় তেন্তে মাত্ৰ ২০ শতাংশ ধন এককালীনভাৱে উলিয়াবলৈ দিয়া হয় । বাকী থকা টকাৰে বাৰ্ষিকী (annuity) কিনিব লাগিব । বাৰ্ষিকীৰ পৰা লাভ কৰা পেঞ্চনত গ্ৰাহকৰ আয়কৰ স্লেব অনুসৰি কৰ আৰোপ কৰা হ’ব ।
৬০ বছৰ বয়সৰ আগতে ধন উলিওৱাৰ বাবে ওপৰত উল্লেখ কৰা নিয়মৰ পৰা স্পষ্ট হৈছে যে PFRDA -এ গ্ৰাহকক প্ৰয়োজন অনুসৰি ধন উলিয়াবলৈ অনুমতি দিছে । কিন্তু, ই এইটোও মনত ৰাখিছে যে NPS ত বিনিয়োগ কৰাৰ গ্ৰাহকৰ মূল উদ্দেশ্য হ’ব লাগে অৱসৰৰ পিছত নিয়ন্ত্ৰিত আয় লাভ কৰা ।