জেৰুজালেম : সপ্তাহান্তত আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ গাজাত একাধিক ঘটনাত লিপ্ত হৈছে ইজৰাইলী সেনা । শনিবাৰে নিশা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে এই কথা কয় । ইয়াৰে অংশ হিচাপে মধ্য গাজাত সন্দেহজনক গাড়ীৰ ওপৰত বিমানৰ পৰা গুলী চলোৱা হয় । গাড়ীখন নিৰ্দিষ্ট তালাচী চকী থকা পথেৰে যোৱা নাছিল বুলি কোৱা হৈছে ।
বাহনৰ যাতায়াতৰ বাবে অনুমোদন নথকা পথত উত্তৰদিশে আগবাঢ়ি থকা সন্দেহজনক বাহনক প্ৰতিহত কৰিবলৈ বিমানেৰে গুলীচালনা কৰা হয় । আনহাতে, দক্ষিণ গাজা ষ্ট্ৰিপত সেনাবাহিনীয়ে তেওঁলোকৰ ওচৰত ঘূৰি থকা এজন সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰে । তেওঁক প্ৰতিহত কৰিবলৈ সেনাই গুলীচালনা কৰে ।
সন্দেহজনক ব্যক্তিজনে যেতিয়া বাহিনীটোৰ ফালে আগবাঢ়ি ভাবুকি প্ৰদান কৰিছিল, লগে লগে ইয়াক প্ৰতিহত কৰিবলৈ তেওঁৰ ওপৰত গুলীচালনা কৰা হয় । ইফালে সেনাই গাজাৰ বাসিন্দাসকলক নিৰ্দেশনা পালন কৰিবলৈ আৰু সেনাৰ ওচৰলৈ নাযাবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে বৰ্তমান পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চলি আছে । অৱশ্যে তাৰ মাজতো ইজৰাইলী সেনাই সন্দেহজনক ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে আমেৰিকাৰ বিদেশ বিভাগে ইজৰাইলক ৭ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ পৰিকল্পনাৰ কথা আমেৰিকান কংগ্ৰেছক আনুষ্ঠানিকভাৱে জনাইছে ।
ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰাৰ মাত্ৰ দুদিন পিছতে এই পৰিকল্পনাৰ কথা প্ৰকাশ কৰা হৈছে । আনহাতে, এই বৃহৎ পৰিমাণৰ অস্ত্ৰ বিক্ৰী পৰিকল্পনা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি চলি থখাৰ মাজতে আহিছে । যাৰ বাবে এই যুদ্ধবিৰতি চুক্তিৰ স্থায়িত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ।
আনহাতে, ট্ৰাম্পে সকলো পেলেষ্টাইনীক গাজাৰ পৰা স্থানান্তৰিত কৰিবলৈ আৰু গাজাক এক আন্তৰ্জাতিক পৰ্যটন ক্ষেত্ৰ হিচাপে পুনৰ বিকশিত কৰাৰ এক প্ৰস্তাৱো আনিছে, যাৰ ওপৰত বিশ্বজুৰি ব্যাপক সমালোচনা হৈছে ।
উল্লেখ্য যে এই অস্ত্ৰ বিক্ৰী পদক্ষেপ হৈছে ইজৰাইলৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ শক্তিশালী কৰাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাৰ আন এক পদক্ষেপ । জানুৱাৰী মাহৰ শেষৰ ফালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ট্ৰাম্পে ইজৰাইললৈ ২,০০০ পাউণ্ডৰ বোমা প্ৰেৰণৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল । বাইডেন প্ৰশাসনে অসামৰিক লোকৰ ওপৰত হ'ব পৰা সম্ভাৱ্য আক্ৰমণ বিশেষকৈ দক্ষিণ গাজা চহৰ ৰাফাত হোৱা আক্ৰমণৰ সময়ত হতাহতৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি এই বোমা প্ৰেৰণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল ।
ইফালে ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ এইবোৰ ইজৰাইললৈ মুকলি কৰি দিছে, কাৰণ তেওঁলোকে সেইবোৰ ক্ৰয় কৰিছিল ।