ETV Bharat / entertainment

নেউল বাঘ-সিংহৰ দৰে সম্ভ্ৰান্ত জন্তু নহয় অথচ... - KAMAL LOCHAN WEB SERIES NEUL 2

শীঘ্ৰেই ৰীলড্ৰামাত উপলব্ধ হ’ব ৱেব ছিৰিজ ‘নেউল’ ৰ দ্বিতীয়টো সংস্কৰণ । ১৫ নৱেম্বৰৰ পৰাই অ' টি টি প্লেটফৰ্ম ৰীলড্ৰামাত উপলব্ধ হ’ব ৱেব ছিৰিজখন ।

assamese-web-series neul 2 to be available on OTT platform from November 15
ৱেব ছিৰিজ ‘নেউল’ ৰ দ্বিতীয়টো সংস্কৰণ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 8, 2024, 5:45 PM IST

গুৱাহাটী : শীঘ্ৰে ৰীলড্ৰামাত উপলব্ধ হ’ব ৱেব ছিৰিজ ‘নেউল’ ৰ দ্বিতীয়টো সংস্কৰণ । ৮ টা খণ্ডযুক্ত এই ৱেব ছিৰিজখনৰ শেহতীয়াকৈ প’ষ্টাৰৰ লগতে টিজাৰ মুকলি কৰি এই কথা জনাইছে নিৰ্মাতাগোষ্ঠীয়ে । অহা ১৫ নৱেম্বৰৰ পৰাই অ' টি টি প্লেটফৰ্ম ৰীলড্ৰামাত ৱেব ছিৰিজখন উপলব্ধ হ’ব । ৱেব ছিৰিজখনৰ দ্বিতীয়টো সংস্কৰণ সন্দৰ্ভত ই টিভি ভাৰতৰ আগত পৰিচালক চাংকু নিৰঞ্জন নাথে জনালে ভালেখিনি খবৰ ।

‘নেউল’ ৰ দ্বিতীয় ছিজনত দৰ্শকে কি পাব ?

“নেউল হ’ল এখন থ্ৰীলাৰধৰ্মী ৱেব ছিৰিজ । অসমত বিগত তিনিটা দশকত ঘটি যোৱা বিভিন্ন ঘটনাৱলীৰ আলমত প্ৰস্তুত কৰি উলিওৱা হৈছে এই ৱেব ছিৰিজখন । ৱেব ছিৰিজখনৰ প্ৰথম ছিজনটোৰ দৃশ্যগ্ৰহণ অসমৰ বিভিন্ন ঠাইত কৰা হৈছিল, কিন্ত দ্বিতীয় ছিজনৰ কিছু কিছু দৃশ্যৰ শ্বুটিং নাগালেণ্ডত কৰা হৈছে । প্ৰথম ছিজনটো যদি আপোনালোকে চাইছে তেন্তে গম পাব যে নায়কৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো বিভিন্ন ঘটনাৰ পাকচক্ৰত সোমাই সোমাই গৈ থাকে আৰু শেষত গৈ তেওঁ নাগালেণ্ড পায়গৈ আৰু সেইখিনিতে প্ৰথম ছিজনটোৰ অন্ত পৰে । এতিয়া দ্বিতীয় ছিজনটোত নাগালেণ্ডত সেই চৰিত্ৰটোৰ কি দশা হ’ল, কেনেকুৱা পাকচক্ৰৰ মাজেৰে তেওঁৰ জীৱন গাড়ী আগবাঢ়িল আৰু পাছত চৰিত্ৰটো পুনৰ কেনেদৰে আগৰ ঠাইলৈ উভতি আহে সেইটো দেওখুৱা হৈছে ।” চাংকু নিৰঞ্জন নাথে ক'লে ৷

পৰিচালকে লগতে কয়, “নেউলক লৈ আমি বেছি আশাবাদী । কাৰণ নেউলৰ যি কাহিনী সেয়া আমাৰ অসমৰ দৰ্শকে নিজৰ ওচৰতে দেখিছে । বিগত ৩ টা দশকৰ অসমৰ যি সাংস্কৃতিক, ৰাজনৈতিক পটভূমি, সেই পটভূমি প্ৰত্যেকে ওচৰৰ পৰাই দেখিছে । যিদৰে নেউলক দেখিছে । নেউল এটা ভীষণ ব্যস্ত প্ৰাণী অথচ নেউলৰ কোনো উন্নতি নাই । নেউল বাঘ-সিংহৰ দৰে সম্ভ্ৰান্ত জন্তু নহয় অথচ অসমৰ এনে এখন গাঁও নাই য’ত নেউল নাই ।”

উল্লেখ্য যে, কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ প্ৰযোজনাৰে নিৰ্মিত ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে চাংকু নিৰঞ্জন নাথে । ৱেব ছিৰিজখনত অভিনয় কৰিছে কমল লোচন, কেনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, অতনু মহন্ত, পুনম গুৰুকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । নেউলৰ দৃশ্যগ্ৰহণ কৰিছে ৰূপম জ্যোতি শইকীয়াই ।

লগতে পঢ়ক : দুষ্টক দমন সত্যৰ জয়-এই বাৰ্তাৰে আহি আছে ‘ক্ষুধা ২’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.