হায়দৰাবাদ: ৰাষ্ট্ৰীয় বন্ধৰ দিনত দেশৰ সকলো বেংক বন্ধ থাকে । কিন্তু আঞ্চলিক বন্ধৰ দিনবোৰ কোনো বিশেষ ৰাজ্য বা অঞ্চলৰ লগত জড়িত, অৰ্থাৎ এই দিনবোৰত কেৱল সংশ্লিষ্ট ৰাজ্য বা অঞ্চলৰ বেংকহে বন্ধ থাকে ।
যদি আপোনাৰ কোনো বেংক সম্পৰ্কীয় কাম আছে তেন্তে সোনকালে কামবোৰ কৰি লওক, কাৰণ ৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ কেইবাদিনো বেংক বন্ধ থাকিব । দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ উপৰিও ইয়াত সাপ্তাহিক বন্ধৰ দিন অৰ্থাৎ দেওবাৰো অন্তৰ্ভুক্ত কৰা হৈছে । বেংক ধাৰাবাহিকভাৱে বন্ধ হৈ থকাৰ বাবে চেকবুক আৰু পাছবুকৰ বাহিৰেও বেংকিং সম্পৰ্কীয় বহু কামত প্ৰভাৱ পৰিব পাৰে, অৱশ্যে এই সময়ছোৱাত অনলাইন সেৱা অব্যাহত থাকিব ।
ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ দ্বাৰা প্ৰতিমাহে জাৰি কৰা বেংক ছুটীৰ তালিকাত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দুয়োটা বন্ধৰ দিন অন্তৰ্ভুক্ত কৰা হয় । ইয়াত ৰাষ্ট্ৰীয় বন্ধৰ দিনত সকলো বেংক বন্ধ হৈ থাকে, আনহাতে আঞ্চলিক বন্ধৰ দিন কোনো বিশেষ ৰাজ্য বা অঞ্চলৰ সৈতে জড়িত, যাৰবাবে এই দিনবোৰত কেৱল সেই ৰাজ্য অথবা অঞ্চলৰ বেংক বন্ধ হৈ থাকে । মন কৰিবলগীয়া যে এখন ৰাজ্যৰ এটা বিশেষ দিনত বেংকৰ বন্ধৰ অৰ্থ এইটো নহয় যে আন এখন ৰাজ্যতো বেংক বন্ধ থাকিব ।
৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ বেংক বন্ধৰ দিনৰ তালিকা
অনলাইন সেৱাৰ সুবিধা ল’ব পাৰে
বেংক ছুটীৰ সময়ত গ্ৰাহকে অনলাইন সেৱা লাভ কৰিব পাৰিব । বন্ধৰ দিনতো ইউ পি আই, ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং আদি ডিজিটেল সেৱাত কোনো প্ৰভাৱ নপৰে ।
- নেট বেংকিং: বন্ধৰ দিনত বেংকৰ ৱেবছাইট বা মোবাইল এপৰ সহায়ত নেট বেংকিং ব্যৱহাৰ কৰিব পাৰিব । কেৱল এয়াই নহয়, বিল পৰিশোধ, ধন স্থানান্তৰ আৰু বেলেঞ্চ চেক কৰাৰ সুবিধাও উপলব্ধ ।
- ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ: ইউপিআই হৈছে ধন স্থানান্তৰ কৰাৰ এক সুৰক্ষিত উপায় । মাত্ৰ PhonePe, Paytm, Google Pay আদি UPI এপ ব্যৱহাৰ কৰিব লাগিব ।
- মোবাইল বেংকিং: আপোনাৰ স্মাৰ্টফোনত থকা বেংকৰ মোবাইল এপৰ সহায়ত আপুনি বিভিন্ন সেৱা লাভ কৰিব পাৰিব । ইয়াৰ ভিতৰত মোবাইল ৰিচাৰ্জ, ইউটিলিটি বিল পেমেণ্ট আৰু ফাণ্ড ট্ৰেন্সফাৰ আদি অন্তৰ্ভুক্ত ।
- এ টি এম ব্যৱহাৰ: ধন উলিয়াবলৈ, মিনি ষ্টেটমেন্ট লোৱা আৰু বেলেঞ্চ চেক কৰাৰ বাবে এ টি এমৰ সুবিধা সদায় উপলব্ধ । লগতে এ টি এমৰ পৰা কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ দৰে সুবিধাও লাভ কৰিব পাৰিব ।
লগতে পঢ়ক: পিএফৰ ধাৰকৰ বাবে আহিব পাৰে ভাল খবৰ...!