ETV Bharat / state

জন্মদিনৰ এটি বিশেষ উপহাৰে মন্ত্ৰমুগ্ধ কৰিলে মুখ্যমন্ত্ৰীক - ASSAM CMS 56TH BIRTHDAY

হাজাৰ হাজাৰ জন্মদিনৰ উপহাৰৰ মাজত এটি বিশেষ উপহাৰক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ পোষ্ট ।

ASSAM CMS 56TH BIRTHDAY
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ পোষ্ট (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 7:39 PM IST

গুৱাহাটী : বিগত প্ৰায় দুটা দিন ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনক লৈ সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দেখা গৈছে । বিজেপি নেতা-কৰ্মীৰ পৰা আৰম্ভ কৰি অসমৰ সাধাৰণ নাগৰিকেও মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাইছে । ইফালে শুকুৰবাৰে নিশাও ১২ বজাৰ পিছত মুখ্যমন্ত্ৰীৰ বাসভৱনত যথেষ্ট লোকে ভিৰ কৰা দেখা গৈছিল । ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সকলোৱে মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

বিভিন্নজনে উপহাৰো দিছে মুখ্যমন্ত্ৰীক । অৱশ্যে তাৰ মাজতে মুখ্যমন্ত্ৰীক দিয়া এটা বিশেষ উপহাৰে চৰ্চা লাভ কৰিছে । মুখ্যমন্ত্ৰীয়ে নিজেও সেই বিশেষ উপহাৰটোৰ শলাগ লৈছে । আপোনাৰো হয়টো জানিবলৈ মন গৈছে সেই বিশেষ উপহাৰটো কি ? কোনে দিলে মুখ্যমন্ত্ৰীয়ে নিজে ভালপোৱা সেই উপহাৰটো ?

উপহাৰটো কি ?

১ ফেব্ৰুৱাৰী আছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন । বিভিন্ন লোকে মুখ্যমন্ত্ৰীক জনাইছে শুভেচ্ছা । শুভাকাংক্ষীসকলে বিভিন্ন উপহাৰো দিছে মুখ্যমন্ত্ৰীক । অৱশ্যে তাৰ মাজতে এটা উপহাৰে মুখ্যমন্ত্ৰীক আনন্দিত কৰি তুলিলে । উপহাৰটো হৈছে এজোপা বামুণী বটগছৰ পুলি । মুখ্যমন্ত্ৰীক খুমটাইৰ বিধায়ক তথা বিজেপি নেতা মৃণাল শইকীয়াই এই উপহাৰটো প্ৰদান কৰিছিল ।

উপহাৰটো গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মৃণাল শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছে । মুখ্যমন্ত্ৰীয়ে লিখিছে, "অসম বিধানসভাৰ সহকৰ্মী শ্ৰীমৃণাল শইকীয়া ডাঙৰীয়াই কালি মোৰ বাবে বিশেষ দিনটোত খুমটাইৰ পৰা কঢ়িয়াই আনিছিল এটি বিশেষ উপহাৰ ৷ উপহাৰটি আছিল এটি বামুণী বটগছৰ পুলি ৷ উপহাৰটিৰ মাজেৰে সমৃদ্ধ বাৰ্তাটিত মূক হৈ পৰিছিলোঁ ৷ তেখেতলৈ অযুত ধন্যবাদ ৷ এই বিশেষ পুলিটো লোকসেৱা ভৱনৰ পৰিসৰতে লালন কৰিবলৈ পৰিকল্পনা কৰিছোঁ ৷"

লগতে পঢ়ক : নিশা ১২ বজাত কেক কাটি জন্মবাৰ্ষিকী উদযাপন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - 56TH BIRTHDAY OF ASSAM CM

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ জন্মবাৰ্ষিকী, কোনে কোনে জনালে শুভেচ্ছা ? - ASSAM CMS 56TH BIRTHDAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.