ETV Bharat / state

বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উদুলি মুদুলি সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASOM SAHITYA SABHA SESSION 2025

বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উখল-মাখল সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনস্থলী ৷ নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামীয়ে শুভাৰম্ভ কৰিলে শোভাযাত্ৰা ।

Asom Sahitya Sabha Session 2025
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 9:15 PM IST

Updated : Feb 2, 2025, 11:02 PM IST

বাক্সা: অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন । পুৱাৰে পৰা উখল মাখল হৈ পৰিছে সমগ্ৰ বজালী । সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনত অনুষ্ঠিত কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰিছে শোভাযাত্ৰাৰ কাৰ্যসূচী । উক্ত সাংস্কৃতিক শোভাযাত্ৰাত ময়ূৰপংখী ৰথত উঠি যায় অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী আৰু আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ।

এই শোভাযাত্ৰাক লৈ এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে পাঠশালাত । বিশাল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক ফণীধৰ তালুকদাৰ, অমিয় কুমাৰ ভূঞাৰ লগতে বিভিন্নজন সাহিত্যনুৰাগী লোক উপস্থিত থাকে । আদৰণি সমিতিয়ে সাংস্কৃতিক শোভাযাত্ৰা জাকত জিলিকা কৰিবৰ বাবে সাংস্কৃতিক শোভাযাত্ৰা উপ-সমিতি গঠন কৰি দিয়া হৈছিল । সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতিৰ প্ৰচেষ্টাত সৰ্বাংগ সুন্দৰ হৈ উঠিছে সাংস্কৃতিক শোভাযাত্ৰা ।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat Assam)

নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামীয়ে শোভাযাত্ৰা শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত কয়, "অসম সাহিত্য সভাৰ কিছু বদনাম আছে । এইবোৰ বদনাম আতঁৰাই শিক্ষানগৰী, নাট্যনগৰী পাঠশালাৰ পৰায়ে অসম সাহিত্য সভাৰ এক সুন্দৰ বাৰ্তা হৈ যাওঁক ।" ভট্টদেৱ ক্ষেত্ৰত মানুহ আৰু মানুহ । বিশাল সাংস্কৃতিক শোভাযাত্ৰাত বজালীৰ ৩০০ বছৰীয়া ভোগেশ্বৰ মন্দিৰ, নাট্যনগৰী পাঠশালাৰ জন্মস্থানৰ নটৰাজ থিয়েটাৰৰ বেউলা নাটকখনৰ দৃশ্য, এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটা থানৰ বট বৃক্ষ, ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়, বজালীৰ বিভিন্ন প্ৰান্তত থকা সত্ৰসমূহ, বজালীৰ বিয়া নাম, জুনা নাম, ওজাপালি, নাগাৰা নাম, লোকসংগীত লগতে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷

ইয়াৰ সমান্তৰালকৈ বৰপেটাৰ হোলী গীত, উজনি অসমৰ মুখা শিল্প, ভাওনা লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ বিভিন্ন সংস্কৃতি, অসমত থকা বিভিন্ন কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰিছে শোভাযাত্ৰাৰ কাৰ্যসূচী । পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উলিয়াওৱা প্ৰায় ৬ কিলোমিটাৰ বিশাল শোভাযাত্ৰা সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰে ।

লগতে পঢ়ক: ৮৬ ফুট দৈৰ্ঘৰ জাপিৰে জিলিকিছে ভট্টদেৱ ক্ষেত্ৰ - ASSAM SAHITYA SABHA SESSION 2025

Last Updated : Feb 2, 2025, 11:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.