গুৱাহাটী: কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটক 'বাহিৰে ৰং-চং আৰু ভিতৰে কোঁৱা-ভাতুৰী' আখ্যা দিলে প্ৰদেশ কংগ্ৰেছে । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কেন্দ্ৰীয় বাজেট সন্দৰ্ভত দলৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বাজেটত ধাৰ্য কৰা পুঁজি আৰু পুঁজিৰ উৎস :
বাজেটত ধাৰ্য কৰা খৰচৰ প্ৰসংগত তেওঁ কয়, "বাজেটত মুঠ খৰছ ধাৰ্য কৰিছে ৫০,৬৫,৩৪৫ কোটি টকা । এই ধাৰ্য টকাৰ উৎসসমূহ হৈছে আয়কৰ ২২ শতাংশ, ইউনিয়ন একচাইজ ৫ শতাংশ, জি এছ টি আৰু অন্য কৰ ১৮ শতাংশ, ক'ৰপৰেচন কৰ ১৭ শতাংশ, কাষ্টম ৪ শতাংশ, ন'ন ডেবট কেপিটেল ৰিচিপট এক শতাংশ, ন'ন টেক্স ৰিচিপটচ ৯ শতাংশ আৰু ধাৰ লোৱা আৰু অন্যান্য দায়বদ্ধতা ২৪ শতাংশ । ইয়াৰ পৰা স্পষ্ট যে সাধাৰণ জনতাৰ ওপৰত এইবাৰৰ বাজেটে মাধমাৰ শোধাইছে । বাজেটত ধাৰ্য টকা সংগ্ৰহ কৰিবলৈ সৰ্বাধিক পৰিমাণৰ আয়কৰ আৰু জি এছ টি লগ লগালে ৪০ শতাংশ হয় । এই বৃহৎ অংশ সাধাৰণ জনতাৰ পৰা কৰ আকাৰে সংগ্ৰহ কৰাৰ ফলত সামগ্ৰীৰ মূল্য আৰু উৰ্দ্ধগামী হ'ব । আনহাতে বিজেপি চৰকাৰৰ পৰম মিত্ৰ পুঁজিপতি গোষ্ঠীৰ পৰা মাত্ৰ ১৭ শতাংশ কৰহে সংগ্ৰহ কৰিবলৈ ধাৰ্য কৰি পুনৰ পুঁজিপতি গোষ্ঠীক সকাহ দিছে ।"
বাজেট ধাৰ্য পুঁজিৰ ক'ত কিমান শতাংশ খৰচ কৰিব :
বাজেটত ধাৰ্য কৰা পুঁজিৰ বিপৰীতে খৰচৰ পৰিমাণ সন্দৰ্ভত তেওঁ কয়, "পেঞ্চনত ৪ শতাংশ, অন্য ব্যয়ত ৮ শতাংশ, কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিত ৮ শতাংশ, ফাইনেন্স কমিচন এণ্ড আদাৰ ট্ৰান্সফাৰ্ৰচত ৮ শতাংশ, কৰ আৰু শুল্কৰ ৰাজ্যৰ অংশৰ বাবদ ২২ শতাংশ, ডিফেন্সৰ বাবে ৮ শতাংশ, মেজৰ চাবচিডিজৰ বাবে ৬ শতাংশ, কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহত ১৬ শতাংশ আৰু সুত পৰিশোধত ২২ শতাংশ খৰচ ধাৰ্য কৰা হৈছে । ইয়াৰ পৰা এইটো স্পষ্ট হ'ল যে বাজেটৰ সিংহভাগ টকাৰ ২০ শতাংশ কেৱল ঋণৰ সুত পৰিশোধ কৰাত ব্যয় হ'ব । আনহাতে উন্নয়নৰ শিতানত বিশেষকৈ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিত মাত্র ৮ শতাংশ ধাৰ্য কৰিছে । বাজেটখনত মধ্যবিত্ত আৰু দৰমহা ভোগী চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলক বছৰি আয় ১২ লাখ টকা পর্যন্ত আয়কৰ ৰেহাই দিছে । আমি এই সিদ্ধান্তক আদৰণি জনাইছোঁ । কিন্তু সামগ্রিকভাৱে বাজেটখন এখন পশ্চাদগামী বাজেট । কিয়নো যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত জনসাধাৰণৰ সামগ্রিক বিকাশৰ লগত জড়িত কেইবাটাও বিভাগত ব্যাপকভাৱে পুঁজি কৰ্তন কৰিছে ।"
কি কি ক্ষেত্রত পুঁজি কৰ্তন কৰিছে :
বাজেটত বিভিন্ন ক্ষেত্রত পুঁজি কৰ্তন কৰা সন্দৰ্ভত তেওঁ কয়, "বাজেটত স্বাস্থ্যত ১২৫৫ কোটি টকা, শিক্ষাত ১১৫৮৪ কোটি টকা, সমাজ কল্যানত ১০০১৯ কোটি টকা, কৃষিত ১০৯৯২ কোটি টকা, গ্ৰাম্য উন্নয়নত ৭৫১১৩ কোটি টকা, নগৰ উন্নয়নত ১৮৯০৭ কোটি টকা, উত্তৰ পূবৰ উন্নয়নত ১৮৯৪ কোটি টকা ধাৰ্য কৰা হৈছে । ২০২৪-২৫ বৰ্ষত শিক্ষাত ২.৬০ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ত ২.৫৩ শতাংশ ধাৰ্য কৰা হৈছে । সেইদৰে পৰিবহণত ২০২৪-২৫ বৰ্ষত ১১.২৮ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ত ১০.৮৩ শতাংশ ধাৰ্য কৰা হৈছে । গ্ৰাম্য উন্নয়নত ২০২৪-২৫ বৰ্ষত ৫.৫১ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ত ৫.২৬ শতাংশ ধাৰ্য কৰা হৈছে । আই টি আৰু টেলিকমত ২০২৪-২৫ বৰ্ষত ২.৪১ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ২০২৫-২৬ত ১.৮৮ শতাংশ ধাৰ্য কৰা হৈছে ।"
বাজেটত পিছপৰা শ্ৰেণীক উপেক্ষা :
বাজেটত পিছপৰা শ্ৰেণীক উপেক্ষা কৰাৰ অভিযোগ কৰি তেওঁ কয়, "বিজেপি চৰকাৰৰ দলিত, জনজাতি আৰু অ'বি চি বিৰোধী চৰিত্ৰ আকৌ এবাৰ ২০২৫-২৬ বৰ্ষৰ বাজেটত প্রতিফলন হ'ল । কেইবাটাও শিতানত বিগত বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত পুঁজি কৰ্তন কৰা হ'ল ।
দৰিদ্ৰ শ্ৰেণীৰ বাবে একো নাই বাজেটত :
বাজেটৰ আন এটা দিশ উল্লেখ কৰি তেওঁ কয়, "ভাৰতৰ ১৪০ কোটি মানুহৰ ভিতৰত আয়কৰ দিয়া মধ্যবিত্ত শ্ৰেণীৰ মানুহ হ'ব ৩.২ কোটি । বিজেপি চৰকাৰে বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলক আয়কৰৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত আমি আদৰণি জনাইছোঁ যদিও দুখেৰে প্ৰকাশ কৰিছোঁ যে নিম্ন মধ্যবিত্ত আৰু অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে বাজেটত কোনো সকাহ নাই । আনকি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনাত তেওঁলোকে পাই অহা মাহিলী ৫ কেজি বিনামূলীয়া চাউলৰ পৰিমাণো বৃদ্ধি নকৰিলে । ৫ কেজি বিনামূলীয়া চাউল এটা পৰিয়ালত এমাহৰ বাবে একেবাৰে নগণ্য ।"
বাজেটৰ আন কেতবোৰ দিশ :
বাজেটত বৃহৎ পুঁজিপতি গোষ্ঠীক সকাহ দিয়া বুলি উল্লেখ কৰি তেওঁ কয়, "কৰ্পৰেট গোষ্ঠীক সকাহ দিয়াৰ বাবে এইবাৰো কৰ বৃদ্ধি নকৰিলে । আনহাতে কৃষকসকলক কৃষি ঋণ মাফ, কৃষকৰ উৎপাদন দুগুণ কৰা আৰু দেশৰ বিভিন্ন ঠাইত দৰিদ্ৰতাৰ কবলত পৰি হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰা হৃদয়বিদাৰক ঘটনা ৰোধ কৰিবলৈ কোনো পদক্ষেপ বাজেটত লোৱা নহ'ল । আকাশলংঘী মূল্যবৃদ্ধি ৰোধ, ব্যাপক মুদ্রাস্ফীতি হ্ৰাস কৰা, দেশৰ ভয়াবহ নিবনুৱা সমস্যা লাঘৱ কৰা আদিৰ বাবে এইবাৰৰ বাজেটত বিশেষ একো নতুন পদক্ষেপ লোৱা নহ'ল । এইবাৰ বাজেটত Urban Challenge Fund ৰ জৰিয়তে ব্যক্তিগত পুঁজিপতি কোম্পানীসমূহক চৰকাৰে আৰু অধিক পুঁজিপতি কৰি নগৰ উন্নয়নো ব্যক্তিগতকৰণ কৰিব বিচাৰিছে ।
নগৰ উন্নয়নৰ প্ৰকল্পসমূহত চৰকাৰে মাত্ৰ ২৫ শতাংশ ধনহে যোগান ধৰিব । বাকী ৭৫ শতাংশ ধন পৌৰ নিগম, পৌৰ সভাসমূহে ব্যক্তিগত কোম্পানীৰ পৰা ঋণ লৈ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব । ইয়াৰ ফলত নগৰ উন্নয়নৰ জৰিয়তেও বিজেপি চৰকাৰে প্ৰচুৰভাৱে ব্যক্তিগতকৰণ কৰিব । যিটো ব্যবস্থা কল্যাণকামী গণতান্ত্রিক ব্যৱস্থাৰ পৰিপন্থী ।"
বাজেটত পুনৰ উপেক্ষিত অসম :
অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মাহী আইৰ দৃষ্টি এইবাৰৰ বাজেটত আকৌ প্রতিফলিত হ'ল বুলি সদৰী কৰি তেওঁ কয়, "নামৰূপ সাৰ কাৰখানাত এইবাৰৰ বাজেটত ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ বাবে নতুন প্ৰকল্প নিৰ্মাণৰ কথা কোৱা হৈছে । ইয়াক আমি আদৰণি জনাইছোঁ যদিও মোদী চৰকাৰে ২০১৫ চনত অনুমোদন জনোৱা এই প্রকল্প ১০ বছৰ পাছতহে বাজেটত অন্তর্ভুক্ত হ'ল । আনহাতে Brahmaputra valley Fertilizer corporation Ltd-এ ২০২২-২৩ চনত উৎপাদন কৰা ২.২৩ মেট্রিক টনৰ বিপৰীতে ২০২৩-২৪ চনত ১.৮০ লাখ মেট্রিক টন উৎপাদন কৰা বাবে নীতি আয়োগে এই প্ৰকল্প বন্ধ কৰিবলৈ পৰামৰ্শ দিছে । এই বিষয়ত কিন্তু বাজেট সম্পূর্ণ নিমাত আছে । কিন্তু ইয়াৰ বাহিৰে বাজেটত অসমৰ বাবে কোনো নতুন প্রকল্প, বান-গৰাখহনীয়াৰ বাবে কোনো পুঁজি ধাৰ্য কৰা নাই ।"
"অসমত প্ৰচুৰ কৃষিজাত সামগ্রী উৎপাদন সত্ত্বেও কিয় প্ৰধানমন্ত্ৰীৰ ধন ধন্য কৃষি যোজনাত অসমৰ এখনো জিলা অন্তর্ভুক্ত নহ'ল । বিহাৰৰ বাবে যেনেকৈ মাখনা বোর্ড গঠন কৰিছে আৰু আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ বাবে ফিচাৰী জ'ন ঘোষণা কৰিছে ঠিক তেনেদৰে মৎস্য উৎপাদনত প্ৰচুৰ সম্ভাৱনা থকা অসমতো এই ফিচাৰী জ'ন ঘোষণা কৰিব পৰা গ'লহেঁতেন । পাটনাৰ IIT Expansion বাজেটত ধাৰ্য কৰিছে । কিন্তু ২০২০ চনৰ বড়ো চুক্তি অনুসৰি বি টি আৰত এন আই টি বা আই আই টিৰ বাবে কিয় এইবাৰৰ বাজেটত ধাৰ্য কৰা নহ'ল । জলজীৱন মিছন ২০২২ চনত সম্পূৰ্ণ হ'ব বুলি চৰকাৰে লক্ষ্য স্থিৰ কৰাৰ পাছতো লক্ষ্যত উপনীত হ'ব নোৱাৰি এইবাৰ বাজেটত এই আঁচনি পুনৰ ২০২৮ লৈ বৃদ্ধি কৰা হৈছে । Asian Development Bankৰ পৰা পুঁজি যোগান ধৰা এই আঁচনিত অসমৰ ঠিকাদাৰসকলে কেইবা বছৰৰ লাখ লাখ টকাৰ বিল পাবলৈ বাকী আছে । এনে অৱস্থাত ২০২৮ লৈ চৰকাৰে এই আঁচনি বৃদ্ধি কৰি কেনেকৈ সফল হ'ব । মুঠৰ ওপৰত এই বাজেটত ভাৰতৰ কোটি কোটি জন সাধাৰণৰ আশা আকাংক্ষা প্রতিফলন হোৱা নাই ।" তেওঁ লগতে কয় ৷
বৰাই আৰু কয়, "উত্তৰ-পূৱৰ বাবে ড'নাৰ মন্ত্ৰলায়লৈ এইবাৰৰ বাজেটত ৫৯১৫ কোটি টকা ধাৰ্য কৰিছে যদিও যোৱা পাঁচ বছৰত উত্তৰ-পূৱলৈ আৱণ্টিত মুঠ টকাৰ ৪৬২৫৪ কোটি টকা কর্তন কৰিছে । বিগত পাঁচ বছৰত ৩৬১০৪৭ কোটি টকা আবণ্টন কৰাৰ বিপৰীতে মোকলাই দিয়া হৈছে ৩০৪৮২০ কোটি টকা । কৰ্তন কৰিছে ৪৬২৫৪ কোটি টকা । গতিকে এইবাৰৰ বাজেটত উত্তৰ-পূৱৰ বাবে ৫৯১৫ কোটি টকা ধাৰ্য কৰাটো কোনো উৎসাহজনক বাতৰি নহয় । ইফালে বি টি আৰৰ বিশেষ উন্নয়ন পুঁজিৰ ১৭৪.৬৬ কোটি টকাৰ পৰা ৫০ কোটি টকালৈ হ্ৰাস কৰা হৈছে ।"