হায়দৰাবাদ: বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব অগ্ৰগতিৰ সমান্তৰালভাৱে আধুনিক বিশ্বত জলবায়ু পৰিৱৰ্তন বৃহৎ চিন্তনীয় বিষয় হিচাপে পৰিলক্ষিত হৈছে । কৃষি আৰু নিৰাপত্তা, পানী যোগান, বনাঞ্চল আৰু অন্যান্য প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ জৈৱ বৈচিত্ৰ্য আৰু মানুহৰ সামগ্ৰিক মংগল আৰু নগৰ উন্নয়নকে ধৰি বিভিন্ন দিশত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি নজৰ ৰাখি সম্প্ৰতি ইয়াক বিশ্বৰ অন্যতম অগ্ৰণী চিন্তা হিচাপে গণ্য কৰা হৈছে ৷ সমান্তৰালভাৱে ইয়াৰ প্ৰতিকাৰৰ বাবেও চিন্তা-গৱেষণা চলাই থকা হৈছে ৷
সততে জৈৱ বৈচিত্ৰ্যৰ ভৰাঁল তথা সেউজীয়া প্ৰকৃতিৰে পৰিৱেষ্টিত হৈ থকা বুলি কৈ অহা অসম তথা উত্তৰ-পূৰ্বাঞ্চলো গভাৰভাৱে প্ৰভাৱিত হৈছে জলবায়ু পৰিৱৰ্তন ৷ দেশখনৰ এই অংশত লক্ষণীয়ভাৱে কমি আহিছে বন-জংঘলৰ পৰিমাণ ৷ দ্ৰুত উন্নয়ন আৰু নগৰীকৰণৰ প্ৰভাৱে নেতিবাচক প্ৰভাৱ পেলাইছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৷ উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলে আকৰ্ষণীয় জৈৱ বৈচিত্ৰ্যৰ বাবে গৌৰৱ অনুভৱ কৰে যদিও সম্প্ৰতি সেই জৈৱ বৈচিত্ৰ্যৰ হাৰ কমিবলৈ আৰম্ভ কৰিছে ৷
ভূ-খণ্ড
উত্তৰ-পূব ভাৰত, যি জনপ্ৰিয় ‘সাত ভগ্নীৰ দেশ’ হিচাপে, প্ৰায় 20° উত্তৰ- 29° 30' উত্তৰ আৰু 89° 46' পূব - 97° 30' পূব 9 ভৌগোলিক স্থানাংকৰ ভিতৰত অৱস্থিত এই অংশ ৷ এই অংশই মুঠ 26.2 মিলিয়ন হেক্টৰ মাটিকালি সামৰি লৈছে, যিটো মুঠ মাটিকালিৰ প্ৰায় 7.9% ভৌগোলিক এলেকা ৷ উত্তৰ-পূবে চাৰিখন চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, ভূটান, চীন আৰু ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে ৷ এই অংশৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া জনজাতি বনজ সম্পদৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল আৰু এক কথাত সেয়া তেওঁলোকৰ জীৱিকাও । তথ্য অনুসৰি ভাৰতৰ এই অংশৰ অৰুণাচল প্ৰদেশত 80.9%, অসমত 35%, মণিপুৰত 76% আৰু মিজোৰামত 88.6% বনজ সম্পদ আছে, যিবোৰে কাঠ ৰপ্তানি, পৰ্যটন আদি উদ্যোগসমূহক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বনাঞ্চল ধ্বংস, মানৱ আৰু পশুধনৰ জনসংখ্যাৰ সম্প্ৰসাৰণ, ইন্ধন কাঠৰ অধিক চাহিদা, ভূমিৰ মালিকীস্বত্বৰ অধিকাৰ হ্ৰাস, বাগিচা, খনন, অত্যধিক চৰণীয়া পথাৰ, পৰম্পৰাগত স্থানান্তৰিত খেতি (ঝুম), প্ৰাকৃতিক বনাঞ্চল উদ্যান শস্যলৈ ৰূপান্তৰ, বনজুই আদি বিভিন্ন কাৰকৰ বাবে জৈৱ বৈচিত্ৰ্যৰে চহকী দেশৰ এই অংশত প্ৰাকৃতিক সম্পদৰ পূৰ্বতকৈ যথেষ্ট অৱনতি ঘটিছে । অঞ্চলটোৰ পাহাৰীয়া ভূ-প্ৰকৃতি, ইয়াৰ সৈতে সংযুক্ত ঢালত শস্য খেতি আৰু অত্যধিক পশুধন চৰা আদি পদ্ধতিয়ে মাটিক খহনীয়া আৰু অৱক্ষয়ী কৰি তোলে । এই আটাইবোৰে কাৰকে ক্ৰিয়া কৰিছে উঃপূঃৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ৷
স্মৰ্তব্য যে, এই জলবায়ু পৰিৱৰ্তনে সৰ্বাধিক চাহিদা থকা অসমৰ চাহ উদ্যোগটোকো প্ৰভাৱিত কৰিছে ৷ 2023 চনত অক্টোবৰ পৰ্যন্ত অসমত 589.27 নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে 2024 বৰ্ষত অক্টোবৰ পৰ্যন্ত চাহৰ উৎপাদন 577.0 নিযুত কিলোগ্ৰামলৈ হ্ৰাস হৈছে । অৰ্থাৎ 2023 ৰ তুলনাত বিগত বছৰটোত 21.20 নিযুত কিলোগ্রাম চাহৰ উৎপাদন হ্ৰাস পাইছে । উল্লেখ্য যে উত্তৰ-পূব ভাৰতত জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতিৰ ওপৰত নথি-পত্ৰ আৰু গৱেষণাৰ লক্ষণীয় অভাৱ পৰিলক্ষিত হৈছে ৷ সেয়ে যৎকিঞ্চিত সম্যক তথ্যৰে ভাৰতৰ এই অংশত জলবায়ু পৰিৱৰ্তন তথা ইয়াৰ প্ৰভাৱ আদি সন্দৰ্ভত আমাৰ এই প্ৰতিবেদন যুগুত কৰি উলিয়াইছো ৷ এই প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষক-খেতিয়ক তথা সাধাৰণ লোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ লগতে শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত লোকৰো মতামত সংগ্ৰহ কৰা হৈছে---
- শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ দৃষ্টিৰে
গুৱাহাটীৰ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন (CECAF)ৰ সঞ্চালক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ কমল কুমাৰ তাঁতীয়ে কয়, "উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য অসম, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে বিশেষভাৱে দুৰ্বল । ইয়াৰ অনন্য পৰিৱেশ তন্ত্ৰসমূহ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা বৃহৎ জৈৱ বৈচিত্ৰ্যৰ জৰিয়তে প্ৰধানকৈ ভাবুকিৰ সন্মুখীন হৈছে ৷ কিয়নো অস্বাভাৱিক বৰষুণৰ সমান্তৰালভাৱে উষ্ণতা বৃদ্ধিয়েই বানপানী আৰু খহনীয়া বৃদ্ধিৰ কাৰণ, যিয়ে সংবেদনশীল পৰিৱেশৰ ভাৰসাম্যৰ ওপৰত প্ৰভাৱ পেলাইছিল । ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, য’ত বিচৰণ ঘটে এশিঙীয়া গঁড়ৰ এনে চৰম পৰিঘটনাৰ বাবে বিপদ বৃদ্ধি হৈ আহিছে ।
- কৃষি খণ্ডত প্ৰভাৱ
কৃষি আন এক উদ্যোগ, যাৰ ওপৰত অসম তথা উঃপূঃৰ অৰ্থনীতি যথেষ্ট নিৰ্ভৰশীল আৰু য’ত গৰিষ্ঠসংখ্যক লোক জড়িত হৈ আছে ৷ কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত এই খণ্ড যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । বৰ্ধিত উষ্ণতা আৰু অস্বাভাৱিক বৰষুণৰ ধৰণে শস্যৰ চক্ৰ সলনি কৰে, উৎপাদন হ্ৰাস কৰে আৰু শস্যত কীট-পতংগ আৰু ৰোগ বৃদ্ধি কৰে । বিশেষকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা ক্ষুদ্ৰ কৃষকৰ বাবে এইটো অন্যতম উল্লেখযোগ্য ভাবুকি হিচাপে দেখা দিছে । বানৰ বৰ্ধিত সংঘটন আৰু শক্তিৰ ফলত শস্য আৰু কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ ৰাজ্যৰ কৃষি খণ্ডই ইতিমধ্যে আন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আৰু এইবোৰ পৰিঘটনাই কৃষিকৰ্মক অধিক জটিল কৰি তুলিছে ।
- খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ওপৰত প্ৰভাৱ
প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক থকা আৰু তাৰ পৰাই জীৱন-জীৱিকাৰ বাট মোকলোৱা অসমৰ খিলঞ্জীয়া জনগোষ্ঠী জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে । জলবায়ু পৰিৱৰ্তনে মাছ ধৰা, খেতি, বনজ সম্পদৰ পৰম্পৰাগত জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ে তেওঁলোকৰ সাংস্কৃতিক পৰিচয় আৰু জীৱনশৈলী আৰু অধিক ক্ষতিগ্ৰস্ত কৰিছে । এইবোৰে সমগ্ৰ অসমতে উষ্ণতা বৃদ্ধিৰ লগতে ৰাজ্যখনৰ প্ৰব্ৰজনৰ আৰ্হিৰো পৰিৱৰ্তন ঘটাইছে । উল্লেখ কৰা প্ৰয়োজন যে অসম গড় উষ্ণতা বৃদ্ধিৰ সন্মুখীন হৈছে, যাৰ ফলত গৰম অধিক বৃদ্ধি পোৱাৰ বিপৰীতে শীতকালৰ সময়সীমা কমি গৈছে । বানপানী আৰু খৰাং আদিৰ দৰে চৰম বতৰৰ পৰিঘটনাৰ কম্পাঙ্ক বৃদ্ধিয়েও মানুহক একোটা স্থানৰ পৰা প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাইছে, যাৰ ফলত স্থানচ্যুতি আৰু সামাজিক বিঘিনি ঘটিছে । এই পৰিৱৰ্তনৰ সুদূৰপ্ৰসাৰী পৰিণতি ৰাজ্যৰ অৰ্থনীতি, সমাজ, পৰিবেশ আদিৰ ওপৰত পৰা দেখিবলৈ পৰা গৈছে ।
প্ৰকৃতিবিদৰ দৃষ্টিৰে
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিবিদ তথা পদ্মশ্ৰী যাদৱ পায়েঙে এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কয় "পৃথিৱীলৈ ভাবুকি আহিছে ৷ পৃথিৱীৰ পানী লগা জ্বৰ হৈছে ৷ যেতিয়া সম্পূৰ্ণ জ্বৰ হ’ব তেতিয়া আমি পৃথিৱীৰ পৰা বিদায় ল’ব লাগিব ৷ মানুহে ঠায়ে ঠায়ে মন্দিৰ-মছজিদ নিৰ্মাণ কৰিছে ভগৱান-আল্লাৰ নামত ৷ কিন্তু কোনে ভগৱান দেখিছে ? প্ৰকৃতিৰ ওপৰত কোনো ভগৱান নাই ৷ ইক’ চিষ্টেম ইটোৰ সৈতে সিটো যুক্ত হৈ আছে ৷ বছৰত সমগ্ৰ বিশ্ব যদি 7 দিনৰ বাবে বন্ধ হৈ যায় তেন্তে কেৱল অসমে নহয় সমগ্ৰ বিশ্বৰে ভাৰসাম্য ঘূৰি আহিব ৷ অৰ্থনীতিৰ ওপৰত সকলোৱে গুৰুত্ব দিছে ৷ কিন্তু এক মিনিট সময় উশাহটো নোলোৱাকৈ কোনো থাকিব পাৰিবনে বুলি নিজকে কেতিয়াবা প্ৰশ্ন সুধিছেনে ? বিশ্বৰ প্ৰতিজন লোকেই যদি আজিৰে পৰা একোজোপাকৈ গছপুলি ৰুৱে তেতিযাও পৃথিৱী বাসোপযোগী হৈ থাকিব ৷"
অসম চৰকাৰৰ ভূমিকাক সমালোচনা কৰি অৰণ্য মানৱগৰাকীয়ে কয়,"আগৰ চৰকাৰৰ দিনত গঁড় নিধন হৈছিল ৷ এতিয়া তাৰ পৰিমাণ কমিছে যদিও আমাৰ বনাঞ্চলবোৰ সুৰক্ষিত নহয় ৷ বনাঞ্চলবোৰ সুৰক্ষিত কৰিহে উন্নয়ন কাৰ্য কৰা উচিত ৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰক্ষ্ৰপুত্ৰৰ বুকুত 4 ভাগৰ 3 অংশই পানীৰ তলত আছে ৷ সেয়া সেউজীয়া কৰিব পাৰিলেহে অসমৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা হ’ব ৷
- কৃষি খণ্ড
কৃষি খণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সন্দৰ্ভত ক’বলৈ গৈ পায়েঙে কয়, "অসমৰ চাহপাত জগত বিখ্যাত ৷ কিন্তু জলবায়ু পৰিৱৰ্তনৰ মোক্ষম আঘাত পৰিছে চাহ উদ্যোগটোত ৷ ধানতকৈও বেছি ক্ষতিগ্ৰস্ত হৈছে চাহ উদ্যোগটো ৷ কাৰণ চাহ খেতিত পানীৰ প্ৰয়োজন নাই ৷ অৱশ্যে একাংশই প্ৰত্যাহ্বান নেওচি চাহ খেতি কৰিছে যদিও পূৰ্বতকৈ ইয়াৰ উৎপাদন হ্ৰাস পাইছে ৷"
তেওঁ লগতে কয়, "বহু থলুৱা ধানৰ লগতে ফল-মূল পৰ্যন্ত লুপ্তপ্ৰায় হৈ পৰিল জলবায়ুৰ তাৰতম্য ঘটাৰ ফলত ৷ ক’লা শালি ধান, ৰঙা বাওধান, চকুৱা ধান, কুটকূটি জহা আদি ধানকে ধৰি লেতেকু, পনিয়ল, আমলখি, জলফাই আদি ফলবোৰ আমাৰ ৰাজ্যখনত নোহোৱা হৈ পৰিল ৷ বৰ্তমান বজাৰ-সমাৰত যিবোৰ উপলব্ধ হৈ আছে সেইবোৰ বহিঃৰাজ্যৰ পৰা অহাহে, আমাৰ ৰাজ্যত উৎপাদিত নহয় ৷"
- শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ দৃষ্টিৰে
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ নিৰ্মালী গগৈয়ে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "জলবায়ু পৰিৱৰ্তনৰ বাবে অভাৱনীয় সমস্যাৰ আমিবোৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ শীত-তাপৰ সময়বোৰৰ যথেষ্ট সালসলনি ঘটিছে ৷ যিয়ে আমাৰ স্বাস্থ্যৰ সমান্তৰালভাৱে জীৱন শৈলীকো প্ৰভাৱিত কৰিছে ৷ বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বুলি মই ক’ব বিচৰা নাই ৷ দৰাচলতে ৰ’দ-বৰষুণৰ কোনো ভাৰসাম্য নোহোৱা হৈছে ৷ ৰ’দ দিলেও তীক্ষ্ণ ৰ’দে মানুহৰ লগতে খেতি কৰ্মত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে আৰু সদৃশ পৰিৱেশ বৰষুণৰ ক্ষেত্ৰতো ৷"
"এই জলবায়ু পৰিৱৰ্তনে প্ৰব্ৰজনৰ সমস্যাকো উদঙনি যোগাইছে ৷ ৰ’দ-বৰষুণৰ ভাৰসাম্যহীনতাই খেতি কৰ্মক যথেষ্ট প্ৰভাৱিত কৰিছে ৷ খেতি কৰ্মত সন্মুখীন হোৱা সমস্যাৰ বাবে মানুহবোৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ ৰাওনা হৈছে ৷ একাংশ নগৰমুখী হৈছে ৷"- এনেদৰে কয় জলবায়ু পৰিৱৰ্তনক লৈ বিভিন্ন গৱেষণা কাৰ্য চলাই থকা অধ্যাপকগৰাকীয়ে ৷
জলবায়ু পৰিৱৰ্তনৰ কথা ক’বলৈ গৈ ড৹ গগৈয়ে পুনৰ কয়, "এটা সময়ত আমি সকলোৱে লক্ষ্য কৰিছিলো যে শেৱালি ফুল ফুলা মানেই শৰৎ অহাৰ উমান পাওঁ ৷ বৰ্তমান অৱশ্যে সেই পৰিৱেশ যথেষ্ট সলনি হ’ল ৷ বছৰৰ অধিকতম মাহ গৰমতেই পাৰ হয় ৷ এইবোৰ কাৰকে পক্ষীকূলকো প্ৰভাৱিত কৰিছে ৷ যাৰ ফলত পৰিভ্ৰমী চৰাইৰ সোঁত বোৱা দীপৰ বিল আৰু ডিমা হাছাও জিলাৰ জাতিংগালৈ পূৰ্বতকৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে পৰিভ্ৰমী চৰাইৰ সোঁত ৷"