কুৱালালামপুৰ (মালয়েছিয়া): ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ১৯ বছৰ অনুৰ্ধৰ মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰিছে । চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । ২০২৩ চনত অনুষ্ঠিত হোৱা প্ৰথমখন প্ৰতিযোগিতাতো ভাৰতে জয়লাভ কৰিছিল ।
৯ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা
কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয় আই চি চি মহিলা টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন ।দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৮২ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১.২ অভাৰত ১ উইকেটৰ বিনিময়ত ৮৪ ৰাণ সংগ্ৰহ কৰি মেচখন জয়ী হয় । গোংগাড়ি তৃষা (৪৪ নট আউট) আৰু শনিকা চলিকে (২৬ নট আউট)ৰ উজ্জ্বল ইনিংছৰ সহায়ত দলটোৱে ১১.২ অভাৰত ৮৪ ৰাণ সংগ্ৰহ কৰি চূড়ান্ত মেচখন ভাৰতৰ নামত কৰাত সহায় কৰে ।
Unstoppable. Unbeaten. Unmatched! 🇮🇳🏆💙
— Star Sports (@StarSportsIndia) February 2, 2025
India U19 Women have defended their crown in style, cementing their dominance on the world stage! 🏏
The future of Indian cricket shines brighter than ever! 🌟🏆 #SAvIND #U19WomensT20WConJioStar pic.twitter.com/HIgL5wkVUU
বিজয়ৰ নায়ক আছিল গোংগাড়ি তৃষা
ভাৰতৰ খিতাপ জয়ৰ নায়ক আছিল তাৰকা অলৰাউণ্ডাৰ গোংগাড়ি তৃষা ৷ তৃষাই প্ৰথমে বলিঙত ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল । ইয়াৰ পাছতে ৮৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৪৪ ৰাণৰ অপৰাজিত ইনিংছ খেলি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে চূড়ান্ত মেচত তৃষাই প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ লাভ কৰে ।
All-round excellence when the stakes are high 🔥
— ICC (@ICC) February 2, 2025
Brilliance with the bat and ball crowns Trisha Gongadi the @aramco Player of the Match in the #U19WorldCup final 👏#SAvIND pic.twitter.com/tfHXoyC0Iv
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় গোংগাড়ি তৃষা
তেলেংগানাৰ পৰা অহা গোংগাড়ি তৃষাই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে । এই সমগ্ৰ টুৰ্ণামেণ্টত তেওঁ বিস্ফোৰক বলিং আৰু বেটিং কৰিছিল আৰু ৩০৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৭ উইকেট দখল কৰি দলটোক একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰাত সহায় কৰিছিল ।
A special talent in the making 👏
— ICC (@ICC) February 2, 2025
Trisha Gongadi is the @aramco Player of the Tournament for her thunderous batting throughout the #U19WorldCup 🔥 pic.twitter.com/SfZIHISHjR
ভাৰতে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰে
নিকি প্ৰসাদৰ নেতৃত্বত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনত প্ৰথমবাৰৰ বাবে খেলা এই প্ৰতিযোগিতাত শ্বেফালী বাৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই এই খিতাপ দখল কৰে ।
𝗖. 𝗛. 𝗔. 𝗠. 𝗣. 𝗜. 𝗢. 𝗡. 𝗦! 🏆#TeamIndia 🇮🇳 are the ICC U19 Women’s T20 World Cup 2025 Champions 👏 👏
— BCCI Women (@BCCIWomen) February 2, 2025
Scorecard ▶️ https://t.co/hkhiLzuLwj #SAvIND | #U19WorldCup pic.twitter.com/MuOEENNjx8
৮ মাহত দ্বিতীয়খন আই চি চি ফাইনেলত পৰাস্ত দক্ষিণ আফ্ৰিকা
৮ মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আই চি চি টুৰ্ণামেণ্টৰ ফাইনেলত ভাৰতৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছে দক্ষিণ আফ্ৰিকা । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৯ জুনত অনুষ্ঠিত হোৱা আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰিছিল । এই জয়েৰে ভাৰতে ১৬ বছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলাই টি-২০ বিশ্বকাপত জয়লাভ কৰে ।
𝐂𝐇𝐀𝐌𝐏𝐈𝐎𝐍𝐒 🏆 🇮🇳
— ICC (@ICC) February 2, 2025
Congratulations India 👏#U19WorldCup #SAvIND pic.twitter.com/OZ7KMDkG4E
লগতে পঢ়ক: গোংগাড়ি তৃষাৰ শতকৰে স্কটলেণ্ডৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ