ETV Bharat / lifestyle

বাকলি গুচাই খায় নেকি এই ফল ? তেন্তে আজিয়েই ত্যাগ কৰক এই ভুল - FRUITS PEELS BENEFITS

ফলৰ বাকলিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী,বিশেষকৈ ৫ বিধ ফলৰ ৷ এই ফল কেইবিধৰ বিষয়ে আজি জানো আহক-

Which fruits can we eat without peeling?
বাকলি গুচাই খায় নেকি এই ফল ? তেন্তে আজিয়েই ত্যাগ কৰক এই ভুল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 8, 2024, 5:30 PM IST

আমাৰ স্বাস্থ্যৰ বাবে ফল কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো পুনৰ কোনো প্ৰয়োজন নাই ! সেয়েহে সকলোয়ে খাদ্য তালিকাত ফল অন্তৰ্ভূক্ত কৰে ৷পিছে আপুনি ফলৰ বাকলি গুচাই খাই নেকি? যদি এইদৰে বাকলি গুচাই আপুনি ফল খাই, তেন্তে আপুনি ফলৰ পৰা পাবলগীয়া পুষ্টিৰ পৰা বঞ্চিত হ’ব ৷ হয়, ফলৰ বাকলিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী,বিশেষকৈ ৫ বিধ ফলৰ ৷ এই ফল কেইবিধৰ বিষয়ে আজি জানো আহক-

নাচপতি

নাচপতি আঁহ সমৃদ্ধ ৷ ইয়াৰ বাকলিও পুষ্টিৰ এক উৎকৃষ্ট উৎস ৷ সেয়েহে, নাচপতি সদায় বাকলিৰ সৈতে খাব লাগে যাতে আপুনি আঁহ, প্ৰদাহ-প্ৰতিৰোধী আৰু ফাইটোনিউট্ৰিয়েণ্ট প্ৰাপ্ত কৰিব পাৰে ৷ নাচপতিৰ বাকলি খোৱাৰ ফলত পাচন তন্ত্ৰও লাভান্বিত হয়, যাৰ ফলত কোষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যা হ্ৰাস হয় ৷

আপেল

আপেলৰ বাকলিত আঁহ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট থাকে ৷ এই গুণবোৰে হৃদযন্ত্ৰ স্বাস্থ্যৱান আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ আপেলৰ বাকলি খোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় ৷ তদুপৰি, আপেলৰ বাকলিত থকা ফ্লেভোনইডে হৃদৰোগৰ আশংকা হ্ৰাস কৰে, যিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে ৷

চিকু

চিকু বাকলিৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰী গুণ আছে ৷ ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন থাকে, যিসমূহ হজমৰ বাবে উপকাৰী ৷ চিকু বাকলি হৈছে পটাছিয়াম, আইৰণ, ফোলেট আৰু পেণ্টোথেনিক এচিডৰ এক মুখ্য উৎস ৷ ইয়াৰ নিয়মীয়া গ্ৰহণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে ৷

কমলা

কমলাৰ বাকলিত ভিটামিন-চি আৰু ফ্লেভোনইড থাকে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে ৷ কমলাৰ বাকলি খালে ছালখন ভিতৰৰ পৰা পৰিস্কাৰ হয় আৰু কোলাজেনৰ স্তৰ বৃদ্ধি কৰে ৷ কমলা বাকলিৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো থাকে, যি শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ৷

কিৱি

কিৱি বাকলিত ভিটামিন-চি থাকে ৷ অৱশ্যে, বহুলোকে ইয়াক বাকলি উলিয়াই খায় কিয়নো বাকলি খোৱাৰ ফলত ডিঙিত খজুৰি খজুৱতি অনুভৱ হ'ব পাৰে ৷ কিন্তু স্বাস্থ্যৰ লাভালাভৰ বাবে কিৱি সদায় বাকলিৰ সৈতে খাব লাগে ৷ কিৱি বাকলিত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যি পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ৷

লগতে পঢ়ক: প্ৰতিদিনে খেজুৰ খালে পাব আচৰিত লাভ: বিশেষকৈ পুৰুষৰ বাবে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.