ETV Bharat / state

টাই ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ উদ্দেশ্যে আৰম্ভ টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ - TAI PEOPLES CULTURAL FESTIVAL

দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত মঙলবাৰৰ পৰা আৰম্ভ হ'ল তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ ।

3rd Tai People's Cultural Festival being held at Tengakhat in Dibrugarh
টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 10:54 PM IST

ডিব্ৰুগড়: বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত টাই জনগোষ্ঠীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰাৰে স্বকীয়তা বজাই ৰাখি অসমীয়া সমাজ ব্যৱস্থাত নিজৰ সমন্বয়ৰ ধাৰা বজাই ৰাখিছে টাই আহোম জনগোষ্ঠীয়ে । কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত টাই জনগোষ্ঠীয় মূলৰ জনবসতিৰ আজিও অস্তিত্ব পোৱা যায় ।

আধুনিক সমাজৰ ব্যৱস্থাৰ ধামখুমীয়াত জনগোষ্ঠীৰ বেছি সংখ্যকে নিজৰ পৰম্পৰা ভাষা-সংস্কৃতিৰ পৰা কিছু আঁতৰি অহা পৰিৱেশ সৃষ্টি হৈছে । সেই জনগোষ্ঠীৰ মাজত নিজস্ব স্বকীয়তা ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে জনগোষ্ঠীটোৰ ৰাইজে ।

টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ (ETV Bharat Assam)

ইয়াৰ পৰিপ্ৰেক্ষিতত টাই ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ টেঙাখাটৰ লাঙী গদাপানী ক্ষেত্ৰত আজিৰে পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ । দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত আজিৰে পৰা আৰম্ভ হোৱা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱে জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধাৰা শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে উদ্যোক্তাসকলে ।

United Tai Ethnic Socio-Cultural Organizationৰ উদ্যোগত অনুষ্ঠিত এই বৰ্ণাঢ্য কাৰ্যসূচীত দেশ- বিদেশৰ টাই মূলৰ পৰ্যটকে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ।

ম্যানমাৰ, থাইলেণ্ডৰ পৰ্যটকৰ অংশগ্ৰহণ:

আজিৰে পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ । মঙলবাৰে পুৱাৰ ভাগতেই‌ সুদূৰ ম্যানমাৰ, থাইলেণ্ডৰ পৰা অহা অতিথিৰ লগতে অৰুণাচলৰ পৰা অহা টাই খামতি, তাই খামিয়াম, টাই তুৰুঙ, টাই ফাকে আদি জাতিৰ লোকে‌ লাঙি গদাপাণি ক্ষেত্ৰত উপস্থিত হৈ কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰে ।

প্ৰথম কাৰ্যসূচী পতকা উত্তোলন পৰা আৰম্ভ কৰি, মূল তোৰণ উন্মোচন, টাই আহোম সাংস্কৃতিক মহোৎসৱৰ থিম ছং মুকলি আদি কাৰ্যসূচীত এই সকল পৰ্যটকে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ নিজৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ।

টাই আহোম পৰম্পৰা, সংস্কৃতি উদ্ধাৰৰ বাবে হ'ব আলোচনা:

২৭ জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগা এই আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱৰ প্ৰতিটো দিনতে জনগোষ্ঠীটোৰ সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰাৰ লগতে টাই আহোম পৰম্পৰা, সংস্কৃতি উদ্ধাৰৰ বাবে হ'ব আলোচনা । এইসমূহ আলোচনাত অসমৰ টাই ভাষা-সংস্কৃতিৰ গৱেষকৰ লগতে দেশ- বিদেশৰ টাই মূলৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । টাই বস্ত্ৰ আৰু বয়ন শিল্প, টাই ৰন্ধন প্ৰকৰণ, টাই সাহিত্য আৰু সুকুমাৰ কলা প্ৰদৰ্শন হ'ব এই অনুষ্ঠানত ।

লগতে পঢ়ক: ব’হাগত ৰাজ্যত বাঢ়িব বিদ্যুৎ মাচুল ! কি হাৰত হ’ব নতুন মাচুল ? - APDCL

মোবাইল নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ? - STUDENT MISSING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.