গুৱাহাটী: ৰাজ্যত অপৰাধৰ হাৰ বৃদ্ধি পাইছে যদিও দোষী সাব্যস্তকৰণৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে । ২০১৮ চনত ৰাজ্যখনত ৰুজু হোৱা গোচৰৰ বিপৰীতে দোষী সাব্যস্তকৰণৰ হাৰ আছিল ৫.৯ শতাংশ । ২০২৪ বৰ্ষত সেই হাৰ বৃদ্ধি হৈ ২২.৯৫ শতাংশ হৈছে । অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসম এতিয়াও যথেষ্ট পিছপৰি আছে । লক্ষণীয় বিষয় যে বিগত বৰ্ষৰ কেৱল ডিচেম্বৰ মাহতে দোষী সাব্যস্তকৰণৰ হাৰ আছিল ২৫.৩৩ শতাংশ ।
শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যখনৰ অপৰাধ সম্পৰ্কীয় মাহেকীয়া পৰ্যালোচনা বৈঠকত এই তথ্যসমূহ সদৰী কৰা হয় । আনহাতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰে ।
January 2025 State Crime Conference Update.
— Assam Police (@assampolice) January 21, 2025
Assam Police made remarkable progress in 2024. The charge sheet rate rose to 66.7% from 39.4% in 2021, while the conviction rate jumped to 23% from 6.1%. pic.twitter.com/tJBSiJKZvw
দোষী সাব্যস্তকৰণৰ হাৰ :
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰা অনুসৰি দোষী সাব্যস্তকৰণৰ হাৰ ২০১৯ চনত আছিল ৬.৯ শতাংশ, ২০২০ চনত আছিল ৫.৫ শতাংশ, ২০২১ চনত আছিল ৬.১ শতাংশ, ২০২২ চনত আছিল ১৩.৫ শতাংশ আৰু ২০২৩ চনত আছিল ১৬.৪ শতাংশ ।
মাহে গড় হিচাপত গোচৰ নিষ্পত্তি :
আনহাতে ২০২১ চনৰ পৰা ২০২৪ চনলৈ বিগত চাৰি বছৰত অসম আৰক্ষীয়ে ৪,৫৮,৬৫৮ টা গোচৰ নিষ্পত্তি কৰিছে । সেইদৰে অসম আৰক্ষীয়ে মাহে গড় হিচাপত ২০২১ চনত ১২,৮০০.৩ টাকৈ, ২০২২ চনত ১২,০৮৫.৪ টাকৈ, ২০২৩ চনত ৮,৩৪৮.৫ টাকৈ আৰু ২০২৪ চনত ৪,৯৮৭.২ টাকৈ গোচৰ নিষ্পত্তি কৰিছে । ইফালে ৭৩,৪৭৪ টা পুৰণি গোচৰ নিষ্পত্তি কৰা হৈছে আৰু বৰ্তমান কোনো পুৰণি গোচৰ নাই ।
অপৰাধৰ সংখ্যা (এক লাখ জনসংখ্যা হিচাপত):
আনহাতে অপৰাধৰ সংখ্যা প্ৰতি এক লাখ জনসংখ্যা মাজত ২০১৯ চনত আছিল ৩৮৫.৮ টা । ২০২৪ চনত সেই সংখ্যা ১৩৯.৩ টালৈ হ্ৰাস পায় । ২০২০ চনত প্ৰতি এক লাখ জনসংখ্যাৰ মাজত ৩৪৯.৫ টা অপৰাধ সংঘটিত হৈছিল । ২০২১ চনত আছিল ৩৭৯ টা, ২০২২ চনত আছিল ১৯৪.২ টা আৰু ২০২৩ চনত আছিল ১৮১.৯ টা ।
গুৱাহাটী মহানগৰীত আৰক্ষীৰ জোৰদাৰ অভিযান :
ইফালে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ অপৰাধমূলক কার্যকলাপ ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে তীব্র অভিযান আৰম্ভ কৰিছে । বিগত কেইটামানদিনত এই অভিযানত মহানগৰ আৰক্ষীয়ে যথেষ্টখিনি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত মহানগৰখনৰ বিভিন্ন অঞ্চলত অপৰাধ ৰোধ কৰাৰ লক্ষ্যৰে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে । ইয়াৰ সমান্তৰালভাৱে বিভিন্ন গোচৰৰ তদন্ত প্রক্রিয়াও অধিক ক্ষিপ্ৰতৰ কৰি তোলা হৈছে ।
তদুপৰি মহানগৰবাসীয়ে যাতে তৎকালীনভাৱে আৰক্ষীৰ যথাযথ সেৱা লাভ কৰিব পাৰে তাৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এক বিবৃতি জাৰি কৰা হয় । সেই অনুসৰি মহানগৰ আৰক্ষীয়ে ১৫ জানুৱাৰীৰ পৰা বিগত কেইদিনত ডেৰ শতাধিক চুৰি মোবাইল জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে মোবাইল চুৰি কাৰ্যত লিপ্ত বহুকেইটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । তদুপৰি 'ডিজিটেল এৰেষ্ট'ৰ যোগেদি চাইবাৰ অপৰাধীয়ে বেংক একাউণ্টৰ পৰা হৰলুকি কৰা মুঠ ৫ লাখ ৪৯ হেজাৰ টকা মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে উদ্ধাৰ কৰি ভুক্তভোগীক ঘূৰাই দিবলৈ সক্ষম হৈছে ।
মহানগৰ আৰক্ষীয়ে বিগত দিনকেইটাত ছাগলীৰ চোৰাং ব্যৱসায়ত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে এনে ব্যৱসায়ত জড়িত এটা চক্ৰক উৎখাত কৰে । এনে ব্যৱসায়ত জড়িত বিলাসী বাহনো আৰক্ষীয়ে জব্দ কৰে । মহানগৰ আৰক্ষীয়ে ড্ৰাগছ, অবৈধ সুৰা, নকল ধন সৰবৰাহ, তীৰখেল আদিৰ বিৰুদ্ধে চলোৱা অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে । আৰক্ষীয়ে এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ, নকল ধন, অবৈধ সুৰা আদি জব্দ কৰাৰ উপৰি ইয়াৰ লগত জড়িত বহুকেইটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
তদুপৰি মহানগৰ আৰক্ষীৰ আন এক উল্লেখযোগ্য সফলতা হ'ল সন্ধানহীন হোৱা এগৰাকী নাবালিকাক তৎকালীনভাবে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা । সোণাপুৰ আৰক্ষীয়ে সেই অঞ্চলৰ পৰা সন্ধানহীন হোৱা নাবালিকাগৰাকীক গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰাৰ লগতে সেই কাৰ্যত জড়িত অভিযুক্তজনকো গ্ৰেপ্তাৰ কৰে । তদুপৰি আৰক্ষীয়ে গাড়ী চুৰিৰ এটা কুখ্যাত চক্ৰক উৎখাত কৰি কেইবাটাও অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইখন বিলাসী আৰু অন্যান্য বাহন, মটৰ চাইকেল, স্কুটী আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
মহানগৰ আৰক্ষীয়ে 'বাইক ষ্টাণ্টৰ জৰিয়তে মহানগৰীৰ ৰাজপথত আতংকৰ সৃষ্টি কৰা বাইক চালকৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে । যোৱা দিনকেইটাত 'বাইক ষ্টাণ্ট'ত জড়িত অথবা যান-বাহন আইন উলংঘা কৰা বহুকেইজন বাইক চালকক কৰায়ত্ত কৰি অভিভাৱকক গটাই দিয়াৰ লগতে তেওঁলোকৰ 'ড্রাইভিং লাইচেল' আৰু বাইকসমূহ জব্দ কৰিছে । মহানগৰ আৰক্ষীয়ে বিগত দিনকেইটাত কেবাটাও দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে । চোৰকেইটাই বিভিন্ন ঠাইত বহু লোকৰ ঘৰত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল ।
মহানগৰ আৰক্ষীয়ে সোমবাৰেও কালাপাহাৰ অঞ্চলৰ পৰা ৰাজা চেত্ৰী নামৰ এটা দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰটোৰ পৰা ভালেমান আপত্তিজনক সামগ্রীও জব্দ কৰে । তদুপৰি আৰক্ষীয়ে অভিষেক বাচফৰ, অপু চৌধুৰী, ৰাঘব জয়ছোৱাল, আয়ুস থাপা আৰু জয়দেৱ মজুমদাৰ নামৰ পাঁচটা দুধৰ্ষ চিলনীচোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বুজন সংখ্যক মোবাইল ফোন আৰু অন্যান্য সামগ্ৰীৰ লগতে চুৰি কাৰ্যত জড়িত মটৰ চাইকেল আৰু স্কুটীও জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তই অপৰাধমূলক কাৰ্যকলাপত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দি এইক্ষেত্ৰত মহানগৰবাসীৰ সহায়-সহযোগিতা কামনা কৰিছে ।
লগতে পঢ়ক: মোবাইল নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ?