গুৱাহাটী : দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰ অভিযান সামৰি জাপান অভিমুখী হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে ।
দিনটোৰ অভিজ্ঞতা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এডভাণ্টেজ অসম ২.০ হ'ব অসমৰ সৈতে বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ । উল্লেখ্য যে, এডভাণ্টেজ আছাম সন্মিলনলৈ বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰলৈ মুখ্যমন্ত্রীকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে ভ্রমণ কৰি দেশ সমূহত এডভাণ্টেজ আছামৰ ৰোড শ্ব'ৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰি বিদেশী বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণৰ প্ৰচেষ্টা চলোৱা হৈছে ।
My visit to South Korea has been a fruitful one as we engaged in meaningful conversations with industry leaders from multiple sectors and invited them to collaborate with us during #AdvantageAssam2.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
Next Stop 📍Japan
こんにちは、日本 🙏🏼 pic.twitter.com/JMKjzz5AyQ
বিশ্বৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰতিষ্ঠানৰে বৈঠক :
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে জনোৱা তিনিদিনীয়া দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনটোত মুখ্যমন্ত্রীয়ে ছিউলত বিশ্বৰ অন্যতম বৃহৎ অর্ধপৰিবাহী গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড৹ জুন চয়ৰ সৈতে এক বৈঠকত মিলিত হয় । অসমক বিশ্বৰ অন্যতম অর্ধপৰিবাহী হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগী সন্দর্ভত মুখ্যমন্ত্রীয়ে তেওঁক অৱগত কৰে । এই আলোচনাই অসমক সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ।
Began today's engagements in Seoul with a productive meeting with Dr Joon Choi, Vice President of @SKhynix, one of the world’s largest semiconductor vendors.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
I shared my vision of establishing Assam as a global semiconductor hub and emphasized that enabling a corresponding… pic.twitter.com/uAgk6UurF6
পাংগিঅ' টেকন' ভেলীৰ ষ্টার্টআপ কেম্পাছ পৰিদৰ্শন:
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লগতে জনায়, পৰৱৰ্তী সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়াৰ ষ্টার্টআপ পৰিৱেশ তন্ত্ৰ বুজিবলৈ আৰু বিভিন্ন অংশীদাৰৰ সৈতে জড়িত হ'বলৈ ছিউলৰ পাংগিঅ' টেকন' ভেলীৰ ষ্টার্টআপ কেম্পাছ পৰিদৰ্শন কৰে । মুখ্যমন্ত্রীয়ে কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টার্টআপৰ মন্ত্ৰী অ'হ য়ংজুৰ সৈতে সাক্ষাতত মিলিত হৈ অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে সম্পর্কিত বিভিন্ন বিষয় আলোচনা কৰে ৷
Earlier in the day I visited the Pangyo Techno Valley in Seoul, also known as South Korea’s Silicon Valley.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
Techno Valley is an innovative Korean concept, that houses start ups and entrepreneurs from diverse technological backgrounds- IT, biotech and cultural- under one roof. pic.twitter.com/OFnds5fJEh
ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্ৰণ:
দক্ষিণ কোৰিয়াৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সূচী হিচাপে সাক্ষাততো মিলিত হয় । সাক্ষাতত ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ অসমৰ লক্ষ্যৰ বিষয়ে বাৰ্তালাপত মিলিত হয় ।
I spoke in depth with Mr Young Ha Ryu, the Vice President of GS Group, one of South Korea’s largest firms in renewable and clean energy, about Assam’s target to generate 3,000 MW of clean energy by 2030.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
We are extremely eager to partner with enterprises who can help us meet… pic.twitter.com/wuHXlroJNq
মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতেও আলোচনাত মিলিত হয় । ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ মঙলবাৰে ৷
It was a pleasure meeting Mr Lee Young Joo, the CEO of Seoul Viosys, an excellent innovative firm doing fabulous work in semiconductors and LED technology.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
I have invited them to participate in #AdvantageAssam2 and consider joining Assam’s growing semiconductor ecosystem. From… pic.twitter.com/VZxcKenyd5
সাক্ষাতৰ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় । এক নতুন ছেটেলাইট চিটী নিৰ্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ সহায়-সমৰ্থনলৈকে সকলো প্ৰধান ছেমিকণ্ডাক্টৰ উদ্যোগৰ অংশীদাৰসকলক আদৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।
An ecosystem that fosters such diverse collaboration results in exceptional innovation. I also met talented Indian entrepreneurs.
— Himanta Biswa Sarma (@himantabiswa) January 21, 2025
I am keen to ensure collaboration between entrepreneurs & startups in Assam and Pangyo Techno Valley and we'll take this forward in the coming days. pic.twitter.com/2x7viHenQW
মুখ্যমন্ত্রীয়ে ছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য' টেকন' ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদৰ্শন কৰি আই টি, বায়োটেক আদিৰ বিভিন্ন ক্ষেত্ৰৰ পৰা কোৰিয়ান ষ্টার্টআপৰ উদ্ভাৱনসমূহ অন্বেষণ কৰে । উল্লেখ্য যে, টেকন' ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা, যিয়ে বিভিন্ন প্ৰযুক্তিগত পটভূমিৰ ষ্টাৰ্টআপ আৰু উদ্যমীসকলক আই টি, বায়'টেক আৰু সংস্কৃতিক একেডাল সূতাৰে গঁথাৰ দৰে ৰাখে৷ টেকন’ ভেলীৰ বৈচিত্ৰ্যময় পৰিৱেশ তন্ত্ৰই সমগ্ৰ আই টি, জৈৱ প্ৰযুক্তি আৰু সাংস্কৃতিক উদ্যোগসমূহত উদ্ভাৱনক লাভান্বিত কৰে ।
ড৹ শৰ্মাই টেকন' ভেলীৰ অত্যাধুনিক পৰিৱেশৰ দ্বাৰা যথেষ্ট আকৰ্ষিত হয় । অসম আৰু টেকন' ভেলীৰ উদ্যমী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা গঢ়ি তোলাৰ অভিপ্রায় ব্যক্ত কৰিছিল আৰু শীঘ্ৰেই এই সন্দর্ভত এক চুক্তিও প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে । ভ্ৰমণকালত মুখ্যমন্ত্রীয়ে তাত উপস্থিত থকা ভাৰতীয় উদ্যোগীসকলৰ সৈতেও সাক্ষাৎ কৰি বাৰ্তালাপত মিলিত হয় । উল্লেখ্য যে দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকী জাপানলৈ ৰাওনা হয় ।
লগতে পঢ়ক: দক্ষিণ কোৰিয়াত মুখ্যমন্ত্ৰীৰ এডভাণ্টেজ আছামৰ ৰোড শ্ব’