ETV Bharat / state

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল আচাৰ্য - MAJULI UNIVERSITY OF CULTURE

দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ।

MAJULI UNIVERSITY OF CULTU
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 5:33 PM IST

মাজুলী : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । মাজুলীত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক কৰুণা বৰাক আনুষ্ঠানিকভাৱে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । এই অনুষ্ঠানত প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ (ETV Bharat Assam)

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্রথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে শুকুৰবাৰে ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । লগতে তেওঁ কয়, "চেষ্টা আৰু কষ্ট কৰিলে সফলতা অৰ্জন কৰিব পাৰি, তাৰ প্ৰমাণ এই ছাত্ৰ-ছাত্ৰীসকল ।"

আনহাতে, ৰাজ্যপালগৰাকীয়ে এই অনুষ্ঠানখনি সুন্দৰভাৱে আয়োজন কৰা বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰশংসা কৰে । ইয়াৰ উপৰি ৰাজ্যপাল আচাৰ্যই উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ আদি পৰিদৰ্শন কৰিব ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "আজিৰ যি অনুষ্ঠান সেই অনুষ্ঠান সফলভাৱে সামৰণি পৰিছে বুলিব ধৰিব পাৰি । কিয়নো ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত কৈ গ'ল যে আজি যে এই অনুষ্ঠান প্ৰথম আছিল তাক ধৰিবই নোৱাৰি বুলি । উপাচাৰ্যগৰাকীয়ে লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে যিদৰে নীতি-নিয়মৰ মাজেৰে প্ৰমাণ-পত্ৰ লাভ কৰিলে সেইটো প্ৰশংসনীয় ।"

উল্লেখ্য, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় হৈছে মানৱবিজ্ঞান আৰু প্ৰদৰ্শন কলাৰ ক্ষেত্ৰত গৱেষণা, শিক্ষণ আৰু শিক্ষাৰ বাবে সমৰ্পিত এখন ৰাজ্যিক বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়খন মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, 2017-ৰ অধীনত প্ৰতিষ্ঠা কৰা হয় । এই বিধেয়কখন অসম চৰকাৰে 2017 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে গৃহীত কৰে ।

শেহতীয়াভাৱে অসম চৰকাৰে ঘোষণা কৰে যে বিশ্ববিদ্যালয়খন নতুন শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি মাজুলী জিলা আৰু ৰাজ্যৰ বাকী অংশৰ সাধাৰণ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰি মানৱীয়তা, বাণিজ্য আৰু বিজ্ঞান শাখা থকা এখন সম্পূৰ্ণ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব ।

২০১৮ চনৰ ১৩ জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ৰাজ্যখনৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে । প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হয় ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় ।

আনহাতে, ২০২২ চনৰ ২১ ছেপ্টেম্বৰত ৰাজভৱনত এক অনুষ্ঠানত অধ্যাপক নিৰোদ বৰুৱাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক :দাৱনীৰ ৰূপত অতুল বৰা, ল'লে ৰবাব টেঙাৰ জুতি
লগতে পঢ়ক :এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.