বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে: অখিল গগৈ - BYE ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 10:59 PM IST

বিশ্বনাথ: উপ-নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন । তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । সমানে অব্যাহত আছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ । গৰম হৈছে চৰ্চাত থকা বিহালী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ । একেদিনাই বিশ্বনাথৰ বিহালী সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক অখিল গগৈয়ে । মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই কয়, "যোৰহাটৰ দৰে নহয়, বিহালী সদায় বিহালী হৈ থাকিব । বিহালী সমষ্টিৰ ৰাইজ যথেষ্ট সচেতন আৰু সজাগ যাৰ ফলত বিহালী ৰাইজে কংগ্ৰেছৰ সলনি বিজেপিক ভোট দিব ।"

ইফালে বিধায়ক অখিল গগৈয়ে কয়, "দুই নাৱত দুখন ভৰি ৰাখিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । কংগ্ৰেছ দলে ৰাইজক আৰু আমাকো বিশ্বাসঘাতকতা কৰিছে । কংগ্ৰেছ দলে দিয়া প্ৰাৰ্থীগৰাকীৰ মাটি দালালী কৰাৰ ইতিহাস আছে । বিজেপিৰ দৰে বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে ।"

লগতে পঢ়ক: বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰীৰ জয় নিশ্চিত : মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ: প্ৰশ্ন মীৰা বৰঠাকুৰ গোস্বামীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.