Flood in Assam: নীতিবৰ্হিভূতভাৱে নলা আৱদ্ধ কৰাৰ বাবেই পানীৰ তলত বিদ্যালয় - A school in Jorhat is flooded
🎬 Watch Now: Feature Video
শিৱসাগৰ, 14 জুন : যোৰহাটৰ বৰহোলা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ সমুখৰ নলা আৱদ্ধ কৰাৰ ফলত পানীত বুৰ গৈছে বিদ্যালয়খন ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ সমুখৰ নলাৰ ওপৰত নীতিবৰ্হিভূতভাৱে কেইখনমান দোকান স্থাপন কৰাত নলাটোৰে পানীৰ পৰিৱহণ বন্ধ হৈ পৰে ৷ ইয়াৰ ফলত সংশ্লিষ্ট বিদ্যালয়ৰ চৌহদৰ লগতে শ্ৰেণীকোঠাৰ ভিতৰত পৰ্যন্ত একাঠু কৃত্ৰিম বানপানী সৃষ্টি হোৱাত যোৱা দুদিন ধৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকল শিক্ষা লাভৰ পৰা বঞ্চিত আছে ৷
কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱা এইসকল লোকৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষ, পৰিচালনা সমিতিৰ লগতে বৰহোলা অঞ্চলৰ সচেতন মহলে দাবী জনাইছে ৷ বিষয়টো সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপাংক বৰাই তিতাবৰ ৰাজহ চক্ৰ বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !