School boy missing: বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰ নিখোঁজ, অপহৰণৰ সন্দেহ পৰিয়ালৰ - student missing case
🎬 Watch Now: Feature Video


Published : Nov 2, 2023, 4:49 PM IST
জোনাই, ২ নৱেম্বৰ: ৰাজ্যজুৰি সঘনাই সংঘটিত হৈছে ছাত্ৰ অপহৰণৰ ঘটনা ৷ এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰ থানাৰ অন্তৰ্গত মাজৰবাৰী গাঁৱৰ অভিজিত নমঃসুদ্ৰ(১৪) নামৰ এগৰাকী কিশোৰ যোৱা এদিন ধৰি নিৰুদ্দেশ হৈ আছে ৷
জানিব পৰা মতে বুধবাৰে পুৱা বিদ্যালয়লৈ বুলি ওলাই গৈছিল ছাত্ৰজন ৷ কিন্তু সময়মতে বিদ্যালয়ৰ পৰা ঘূৰি নহাত পৰিয়ালটোৰ লোকসকল চিন্তিত হৈ পৰে ৷ তাৰ পিচতে পৰিয়ালৰ লোকে বিদ্যালয়ৰ প্ৰধান শিক্ষকক সোধা পোছা কৰাত তেওঁ জানিবলৈ দিয়ে যে, বুধবাৰৰ দিনা ছাত্ৰজন বিদ্যালয়ত উপস্থিত নাছিল ৷
তাৰ পিচতে পৰিয়ালৰ লোকে আত্মীয়-কুটুমৰ লগতে বন্ধুৰ ঘৰতো সোধা পোছা কৰে যদিও কিশোৰটোৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে ৷ সম্প্ৰতি পিতৃ-মাতৃৰ লগতে ঘৰৰ লোকসকল বহু চিন্তিত হৈ পৰিছে। পৰিয়ালটোৱে ইতিমধ্যে ডিমৌ তহলদাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ পিতৃ-মাতৃয়ে ৰাইজক লৈ হাতযোৰ কৰি কয় যে, কোনো সদাশয় ব্যক্তি যদি ল'ৰাটোৰ সম্ভেদ পায় তেন্তে নিকটৱৰ্তী আৰক্ষী থানাত যেন যোগাযোগ কৰে ৷
লগতে পঢ়ক: Father attacks son: মাতৃক বচাবলৈ যোৱা পুত্ৰক ছুৰীকাঘাত পিতৃৰ