Bihu celebrates at Rang Ghar: ঐতিহাসিক ৰংঘৰৰ বাকৰিত সাত বিহু উদযাপন - লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2023, 10:04 PM IST

শিৱসাগৰ, 21 এপ্ৰিল : আজি সাত ব’হাগ । ঐতিহাসিক ৰংঘৰৰ বাকৰিত উদযাপন কৰা হৈছে সাত বিহুৰ সামৰণি অনুষ্ঠান (Sat Bihu celebrates at Rang Ghar)। শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত উদযাপন কৰা হয় এই সাত বিহুৰ অনুষ্ঠান । সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰি কণ কণ শিশুৰ পৰা 60-80 উৰ্ধ্বৰ ককাসকলেও গালে পুৰণি বিহু ।‌ পুৰণি বিহু নাম গাই কঁকাল ঘূৰাই নাচিলে মগৰাহাটৰ জ্যেষ্ঠ হুঁচৰি দলে ।

ইপিনে সাত বিহুৰ সামৰণি অনুষ্ঠানতে বিশিষ্ট লোক শিল্পী তথা লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াক প্ৰদান কৰা হয় ‘‘স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা 2023’’ । প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে প্ৰদান কৰে এই বঁটা । এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ড৹ শইকীয়া ।

উদযাপন সমিতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ড৹ শইকীয়াই স্বৰ্গদেউ প্ৰমত্ত সিংহৰ স্মৃতি চিৰযুগমিয়া হোৱাৰো কামনা কৰে ৷ উল্লেখ্য যে, এই অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Journalist performed Bihu: সাংবাদিকৰ বিহুৰে মুকলি ৰঙালী গুডভাইবছ মিউজিক ষ্টেজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.