Ganesh Chaturthi 2023: পুৰীৰ সাগৰৰ তীৰত বালি ষ্টীলৰ বাচনেৰে নিৰ্মাণ ভগৱান গণেশৰ প্ৰতিমূৰ্তি - Wishes Ganesh Puja through sand Art in Puri
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 9:37 AM IST
নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ : সোমবাৰে বেদীত স্থাপন কৰা হ’ল প্ৰথম পূজ্য ভগৱান গণেশক ৷ অৱশ্যে এইবৰ্ষত গণেশ চতুৰ্থীৰ শুভ লগন সোমবাৰ আৰু মঙলবাৰে পৰিছে ৷ সেই হেতুকে দেশৰ কোনো কোনো স্থানত সোমবাৰৰ পৰাই আৰাধনা কৰা হৈছে শ্ৰীশ্ৰী গণেশক ৷ একপ্ৰকাৰে মন্ত্ৰোচাৰণেৰে মুখৰ হৈ পৰিছে ৰাজ্য ৷
গণেশ চতুৰ্থী উপলক্ষে ওড়িশাৰ পুৰীৰ সাগৰৰ তীৰত ওড়িশাৰ জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কে বালিৰে সাজি উলিয়াইছে ভগৱান গণেশক ৷ প্ৰতি বছৰে গণেশ চতুৰ্থী উপলক্ষে তেওঁ সাগৰৰ তীৰত বালিত প্ৰস্তুত কৰে ভগৱান গণেশক ৷ সেয়ে এইবাৰো যেন তাৰ ব্যতিক্ৰম নহয় ৷
প্ৰায় 6 টন বালি আৰু 100 কিলোগ্ৰাম ষ্টীলৰ বাচন ব্যৱহাৰ কৰি বলুকা শিল্পী সুদৰ্শন পাটনায়কে সাজি উলিয়াইছে এই মূৰ্তিটো ৷ বলুকা শিল্পীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁক এই কামত সহায় কৰিছে সুদৰ্শন বালি কলা বিদ্যালয় (Sudarshan Sand Art School) ৰ শিক্ষাৰ্থীসকলে ৷
লগতে পঢ়ক : Sand sculpture at Puri to welcome Joe Biden : 2000 মাটিৰ চাকিৰে ভাৰতলৈ আদৰণি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক