Deadly National Highway: মাটি খহি মৰণফান্দৰ সৃষ্টি ৰাষ্ট্ৰীয় ঘাইপথত - Indias NH condition in rainny weather
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 9 আগষ্ট : মৰণ ফান্দত পৰিণত হৈছে সবৰুম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ । যাৰ ফলত বীৰচন্দ্ৰমনুৰ পৰা লাচী শিবিৰলৈ যোৱা পথত যাতায়ত ব্যাহত হৈছে । বিগত কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথটো ভাগি যায় বুলি স্থানীয় ৰাইজে জনায় । মনুবজাৰৰ কৃষি ভৱনৰ সংলগ্ন অঞ্চলত এই ৰাষ্ট্ৰীয় ঘাইপথটো খহি যোৱাৰ ঘটনা মঙলবাৰে পোহৰলৈ আহে ।
ঘাইপথটো নিৰ্মাণৰ কিছুদিন পিছত এনেদৰে ভাগি যোৱাত কামৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে স্থানীয় লোকৰ মাজত ৷ পথটো নিৰ্মাণৰ পূৰ্বে নিৰ্মাণ কোম্পানীয়ে প্ৰয়োজনীয়ভাৱে গুৰুত্ব আৰোপ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে । লগতে, সমগ্ৰ পথটোৰ নিৰ্মাণৰ মানদণ্ড পৰীক্ষা কৰাৰো দাবী উত্থাপন কৰিছে ।
উল্লেখ্য যে, 2018 চনৰ পৰা ত্ৰিপুৰা ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে । ৰাজ্যত ইটোৰ পিছত সিটোকৈ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰাৰ লগতে বিভিন্ন ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণৰ কাম এতিয়াও অব্যাহত আছে ৷ আগৰতলাৰ পৰা ধৰ্মনগৰ, সবৰুমৰ পৰা আগৰতলালৈ এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চৰকাৰে । অৱশ্যে নিৰ্মাণৰ সমান্তৰালভাৱে গুণগত মানদণ্ডৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াকে উদঙাইছে সবৰুম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ খহি যোৱা ঘটনাই ৷
লগতে পঢ়ক : No Confidence Motion in Parliament : মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌন ব্ৰত ভংগ কৰক; সদনত গৌৰৱ গগৈ