Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি প্ৰকল্পৰ সুৰংগৰ ভিতৰত খহিল ছাদ - জলবিদ্যুত প্ৰকল্প
🎬 Watch Now: Feature Video
Published : Oct 6, 2023, 4:12 PM IST
গুৱাহাটী, 6 অক্টোবৰ : ইটোৰ পিছত সিটো অঘটনে জোকাৰিছে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীত পুনৰ অঘটন ৷ NHPC ৰ সোৱণশিৰি প্ৰকল্পৰ আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷
এক ভয়ংকৰ অঘটন সংঘটিত হয় গেৰুকামুখত ৷ তথ্যমতে বিগত ২৬ ছেপ্টেম্বৰত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো ৷ সমগ্ৰ ঘটনা NHPC য়ে গোপনে ৰাখিছিল ৷ শুকুৰবাৰে পোহৰলৈ আহিছে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এই ভয়ংকৰ ঘটনা ৷ য’ত আহত হৈছে চাৰিজনকৈ শ্ৰমিক ৷
জানিব পৰা মতে হঠাতে খহি পৰে প্ৰকল্পটোৰ ৮ নং হৰ্চ ৰেছ টানেলৰ ছাদ ৷ ছাদ খহি পৰাৰ ফলত আহত হয় চাৰিজনকৈ শ্ৰমিক ৷ হৰ্ছ ৰেছ টানেলেৰে ৰিজাৰ্ভৰ পৰা পানী পাৱাৰ হাউচলৈ যোগান ধৰা হয় ৷ এই টানেলতে সংঘটিত হয় ভয়ংকৰ ঘটনাটো ৷ বিগত ২৬ ছেপ্টেম্বৰত সংঘটিত এই গুৰুতৰ অঘটন ৷ দুৰ্ঘটনাটোৰ বিষয়ে গোপনে ৰাখিছিল NHPC কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : Sikkim flash floods update: ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান