thumbnail

By

Published : Oct 19, 2022, 12:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Road accident at Nagaon: কঠিয়াতলীত পথ অৱৰোধ ক্ষুব্ধ শিক্ষাৰ্থীৰ

নগাঁৱৰ কঠিয়াতলীৰ জ্যোতি নগৰত (Road accident at kathiyatali) বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । বিদ্যালয়লৈ আহি থকা অৱস্থাত কামপুৰৰ জ্যোতিনগৰ নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ৰ (Jyotinagar Navratna Middle English School) দুগৰাকী ছাত্ৰী AS02AF0794 নম্বৰৰ মটৰ চাইকেলৰ খুন্দাত আহত হয় । আহত ছাত্ৰী দুগৰাকীৰ নাম ৰুকচানা খাতুন আৰু চামচুল নেহা । ৰুকচানা খাতুন অষ্টম আৰু চামচুল নেহা দশম শ্ৰেণী ছাত্ৰী । পিছত দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই কামপুৰ -কঠিয়াতলী পথ অৱৰোধ কৰি প্ৰতিবাদ জনায় ছাত্ৰ-ছাত্ৰী সকলে (Road blocked of student at Kathiyatali)। প্ৰতিবাদকাৰীসকলে বিদ্যালয়খনৰ সন্মুখত গতিৰোধক স্থাপন কৰাৰ দাবী জনায় । শেষত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্য়াহাৰ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.