Injured wild elephant Rescued : নগাঁৱৰ কন্দলীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰ - আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:14 PM IST

বঢ়মপুৰ, 1 নৱেম্বৰ : নগাঁৱৰ কন্দলীত বন্যহস্তীৰ চিৎকাৰ ৷ তথ্য অনুসৰি, নগাঁৱৰ কন্দলী আহুতলি গড় গাঁৱৰ পাহাৰৰ নামনিত উদ্ধাৰ এটা আঘাতপ্ৰাপ্ত বন্যহস্তী ৷ বুধবাৰে পুৱতি নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা আঘাতপ্ৰাপ্ত হাতীটোক প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ তাৰ পাচত স্থানীয় লোকে খবৰ দিয়ে কঠীয়াতলী আঞ্চলিক বন বিভাগৰ লোকক ৷ খবৰ লাভ কৰিয়েই  উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক ৷

বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, বন বিভাগৰ লোকে হাতীটোৰ চিকিৎসাৰ বাবে চিকিৎসকৰ লগত যোগাযোগ কৰে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য সন্ধানত নামি অহা বন্যহস্তীটো কোনো দুষ্ট লোকে আক্ৰমণ কৰে ৷ ফলত হাতীটোৱে ভৰিত আঘাত পায় ৷

লগতে পঢ়ক : Akhil Gogoi criticizes Assam Govt: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব লগীয়া টানেলৰ দায়িত্ব লুই বাৰ্জাৰক নিদিবলৈ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.