Red caterpillars terror: বিছাই জ্বলা-কলা খুৱাইছে মৰাপাট খেতিয়কক - বিছাৰ ভয়ংকৰ সন্ত্ৰাস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 3:36 PM IST

বিলাসীপাৰা, 1 আগষ্ট: বিলাসীপাৰাত বিছাৰ ভয়ংকৰ সন্ত্ৰাস ৷ মৰাপাট খেতি ধাননি পথাৰত বিছাৰ সন্ত্ৰাসৰ বাবে মূৰে কঁপালে হাত দিছে কৃষক ৰাইজে ৷ বিছাই বৃহত্তৰ চৰ অঞ্চলৰ ধান আৰু মৰাপাটৰ পাত খাই তহিলং কৰাৰ পিচত এইবাৰ পথাৰৰ পৰা আহি ঘৰত সোমাইছে অসংখ্য ৰঙা বিছা ৷ 

আনকি দমকল, বিছনা, চকী, মেজ আদি সকলোতে বিছাৰ উপদ্ৰৱ ৷  বিছাৰ সন্ত্ৰাসত আঁঠুৱাৰ ভিতৰত সোমাই থাকিব লগা হৈছে মানুহে ৷ কি খোৱা পানী, কি গা ধোৱা পানী সকলোতেই কেৱল বিছা আৰু বিছা ৷ থাকিবলৈ, বহিবলৈ যেন ঠাই নোহোৱা হৈ পৰিছে বিলাসীপাৰা মহকুমাৰ কাজাইকাটা প্ৰথম, দ্বিতীয় খণ্ড,বাহিৰ ছুৱাপাতা,হাতীপোতা প্ৰথম, দ্বিতীয় খণ্ড, কাঠালদি প্ৰথম খণ্ড, ছুৱাপাতা আদি চৰাঞ্চলৰ ৰাইজৰ ৷ 

উক্ত অঞ্চলসমূহত গৰম যিমানেই বাঢ়িছে, বিছাৰ উপদ্ৰৱো সিমানেই বৃদ্ধি পাইছে ৷ ৰঙা বিছাৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি বিভাগৰ সহায় বিচাৰিছে বিলাসীপাৰাৰ চৰাঞ্চলৰ ৰাইজে ৷

লগতে পঢ়ক: Drugs seized : ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.