Rescue of pythons at Namrup: নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত উদ্ধাৰ অজগৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:55 PM IST

thumbnail

নাহৰকটীয়া, 15 নৱেম্বৰ: নামৰূপত উদ্ধাৰ এডাল অজগৰ ৷ বুধবাৰে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় অজগৰডালক ৷ তাপ বিদ্যুৎ কেন্দ্ৰটোৰে কৰ্মচাৰী বিতুল গগৈয়ে আজগৰডাল উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ কৰা অজগৰডাল 9 ফুট দৈৰ্ঘৰ হ’ব বুলি জানিবলৈ দিয়ে বিতুলে ৷ 

ঘটনা অনুসৰি, বুধবাৰে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত অজগৰডাল প্ৰথমে প্ৰত্যক্ষ কৰিছিল এজন কৰ্মচাৰীয়ে ৷ তাৰ পাচতে তাপ বিদ্যুৎ কেন্দ্ৰটোৰে কৰ্মচাৰী বিতুল গগৈয়ে অজগৰডাল উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা  অজগৰাডাল তাপ বিদ্যুৎ কেন্দ্ৰৰ সমীপতে থকা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় । আনহাতে প্ৰকৃতিপ্ৰেমী বিতুল গগৈয়ে বৃহত্তৰ নামৰূপ অঞ্চলত প্ৰায় 500ৰ অধিক সাপ উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Viral audio on Cattle syndicate : উজনিত অব্যাহত গৰু ছিণ্ডিকেট; ভাইৰেল ফোন ৰেকৰ্ডিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.