Python Rescued: জামুগুৰিহাটৰ আলহী হ’ল অজগৰ

By

Published : Jun 29, 2023, 6:07 PM IST

thumbnail

চতিয়া, ২৯ জুন : ৰাজ্যজুৰি শেষ হোৱা নাই বানৰ তাণ্ডৱ ৷ এইবাৰ জামুগুৰিহাটত নলাত উটি আহিল এটা প্ৰকাণ্ড অজগৰ সাপ ৷ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বুধবাৰে নিশা এটা প্ৰকাণ্ড অগপৰ উদ্ধাৰ কৰা হয় ৷ স্থানীয় লোকে জনোৱা অনুসৰি এটা নলাত উটি আহিছিল অজগৰ সাপটো ৷ 

লগে লগে হাতিঙা ৰামপুৰ স্থানীয় ৰাইজে অজগৰ সাপটো উদ্ধাৰ কৰি ডিপলোঙা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰে ৷ খবৰ অনুসৰি অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈ, অজগৰ সাপটো চমজি লয় ৷  

বনবিভাগে চমজি লোৱা অজগৰটো ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত মুকলি কৰি দিব বুলি বনবিভাগে জানিবলৈ দিছে ৷ 

লগতে পঢ়ক: Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা, বাগৰি পৰিল যাত্ৰীবাহী আল্ট্ৰা বাহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.