দেৰগাঁও থানাৰ সন্মুখত প্ৰয়াত অজয় দত্তৰ মাতৃৰ হিয়াভগা কান্দোন
🎬 Watch Now: Feature Video
গোলাঘাট/যোৰহাট, 23 নৱেম্বৰ : আজি এমাহ সম্পূৰ্ণ হ’ল দেৰগাঁৱৰ অজয় দত্তৰ আত্মহননৰ ঘটনাৰ ৷ অজয় দত্তৰ মৃত্যুৰ ন্যায় বিচাৰি হাতে হাতে মমবাতি লৈ দেৰগাঁৱৰ ৰাজপথলৈ ওলাই আহিল অজয় দত্তৰ পৰিয়াল, গাঁওবাসীৰ লগতে বিভিন্ন দল-সংগঠন ৷
পুত্ৰৰ ফটো বুকুত বান্ধি ন্যায় বিচাৰি দেৰগাওঁ থানাৰ সন্মুখত প্ৰয়াত অজয় দত্তৰ মাতৃ ৷ বিজয়া দশমীৰ দিনা ফেচবুক লাইভ কৰি আত্মহননৰ পথ বাছি লৈছিল অজয় দত্তই ৷ ট্ৰেফিক আৰক্ষী আৰু এজন গাড়ীচালকে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আত্মহনন কৰিছিল অজয়ে ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আজি এমাহে ন্যায় নাপালে অজয়ৰ পৰিয়ালে ৷ এমাহে নাপালে মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৷ দেৰগাঁও থানাৰ সন্মুখত গোলাঘাট আৰক্ষী হায় হায়, নিতুল ফুকন আৰু চিত্ৰৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ ৰাইজৰ ৷
লগতে পঢ়ক : বোকাজানত বন্যহস্তীৰ আক্ৰমণত শিশুসহ 4 জনৰ মৃত্যু