Mechanized boat in Assam: বঙাইগাঁৱৰ চিকিবিকিগাঁৱত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ - public demand for bridge at chikibikigaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:18 PM IST

বঙাইগাঁও, ২৩ ছেপ্টেম্বৰ:দেশজুৰি চলি আছে অমৃতকাল । এই অমৃতকাল তথা স্বাধীনতাৰ সাত দশক পিছতো বঙাইগাঁও জিলাৰ চিকিবিকি গাঁৱৰ ৰাইজে দলং নথকা বাবে প্ৰতিদিনে বিপজ্জনকভাৱে পাৰ হ'ব লগা হয় চম্পাৱতী নৈ । চিকিবিকি আৰু বিদ্যাপুৰ অঞ্চলৰ ৰাইজে নাপালে এখন কাঠৰ দলং । প্ৰতিদিনেই চিকিবিকিৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ এইদৰেই বিপদজনকভাৱে পাৰ হয় চম্পাৱতী নৈ । কাৰণ চিকিৎসালয়, অনুষ্ঠান -প্ৰতিষ্ঠান, স্কুল-কলেজ আদি আছে বিদ্যাপুৰত ।

মৰণত শৰণ দি ৰাইজে প্ৰতিদিনে পাৰ হ'ব লগা হয় এই চম্পাৱতী নৈ । ৰাইজে এই ঠাইত এখন দলং নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই সেয়েহে ওলাই আহিল এই চিকিবিকি আৰু বিদ্যাপুৰ অঞ্চলৰ ৰাইজ । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে গণ স্বাক্ষৰ অভিযান ।

লগতে পঢ়ক:AABYSF criticized BJP govt; প্ৰতিশ্ৰুতিৰ নামত বাঙালীক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰিছে বিজেপিয়ে : বাঙালী সংগঠন

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.