কৰৰ বোজাত ভাৰাক্ৰান্ত; ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে জনগণ - নাগৰিকৰ মৌলিক অধিকাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 11:32 AM IST

কলগাছিয়া, 8 ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অস্বাভাৱিক কৰ আৰোপ কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে জনগণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলগাছিয়াৰ সাধাৰণ ৰাইজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । চৰকাৰৰ এই কামক চয়তানৰ কাম আখ্যা দিছে ৰাইজে ।

উল্লেখ্য যে, শেহতীয়াকৈ চৰকাৰে সমদল উলিওৱাৰ ক্ষেত্ৰত জাৰি কৰিছে নতুন অধিসূচনাৰ ৷ ইয়াৰ বাবে চৰকাৰে অনুমতি লোৱাৰ লগতে আগতীয়াকৈ মাচুল আদায় দিব লাগিব বুলিও নিৰ্দেশনা জাৰি কৰিছে ৷ সমদলৰ বাবে মাচুলৰ পৰিমাণ ধাৰ্য কৰিছে 300 টকা ৷ 

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধিসূচনা অনুযায়ী সাংস্কৃতিক সমদল, সাংস্কৃতিক অনুষ্ঠান, বিহু, সভা-সমিতিৰ ক্ষেত্ৰতো আয়োজকে আদায় দিব লাগিব 300 টকাৰ মাচুল ৷ চৰকাৰৰ এই কাৰ্যই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। চৰকাৰে জনসাধাৰণৰ মৌলিক অধিকাৰ পিঞ্জৰাৱদ্ধ কৰিব বিচৰাৰ লগতে নাগৰিকৰ মৌলিক অধিকাৰ সমূলেঞ্চে শেষ কৰিব বিচাৰিছে বুলি কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছে ক্ষোভিত জনতাই । 

লগতে পঢ়ক: উচ্ছেদিত পৰিয়াললৈ ভূমি আৱণ্টন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.