Protest against NPS : নতুন পেন্সন নীতিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ - পুৰণি পেঞ্চন নীতি বাহাল ৰাখক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 22, 2023, 3:07 PM IST

তেজপুৰ, 22 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত চৰকাৰী কৰ্মচাৰীসকলে নতুন পেন্সন নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰোধিতা জনাই আজি তেজপুৰ মহাবিদ্যালয়, আদালত, জিলা আয়ুক্ত কাৰ্যালয় তথা সকলো চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ । চৰকাৰী কৰ্মচাৰীসকলে পুৰণা পেন্সন নীতিৰ বাহাল ৰখাৰ দাবীৰে তেজপুৰ আদালত চাৰিআলিত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকসকলে শিক্ষানুষ্ঠানত উপস্থিত থাকে যদিও চৰকাৰী নীতিৰ প্ৰতিবাদ জনায় শ্ৰেণীত পাঠ দান কৰাৰ পৰা বিৰত থাকে । প্ৰতিকূল পৰিস্থিতিৰ মাজতে কৰ্মচাৰীসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে  'পুৰণি পেন্সন নীতি বাহাল ৰাখক', 'চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা কৰক' আদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে । 

উল্লেখযোগ্য যে, কৰ্মচাৰীসকলে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে অসহযোগ কাৰ্যসূচী ।

লগতে পঢ়ক: Relief to Manipur: গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰলৈ সহায়ৰ হাত উত্তৰ আমেৰিকা মণিপুৰী সন্থাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.