Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল লখিমপুৰৰ ভীমপৰা - Reaction on Constituency delimitation
🎬 Watch Now: Feature Video
লখিমপুৰ, ২ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যক উত্তাল কৰিছে। নিতৌ বিভিন্ন স্থানত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । দেওবাৰে লখিমপুৰৰ ভীমপৰা পঞ্চায়ততো তেনে এক প্ৰতিবাদমূখৰ পৰিবেশৰ সৃষ্টি হয় । ভীমপৰা পঞ্চায়তত দেওবাৰে সৃষ্টি হ'ল উত্তাল পৰিবেশ ।
এই পঞ্চায়তখনৰ একাংশ ঢকুৱাখনা সমষ্টিৰ পৰা কাটি খচৰাখনত লখিমপুৰ সমষ্টিত চামিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বাবে দেওবাৰে অঞ্চলটোৰ ৰাইজ ওলাই আহি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজে এইখন ৰাজনৈতিক নেতাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰহে খচৰা বুলি চৰকাৰক কৰ্কথনা কৰে । ভীমপৰাবাসীয়ে কোনো কাৰণতে এই খচৰাৰ প্ৰস্তাৱ মানি নলয় বুলি হুংকাৰ দিয়ে । খচৰাই ৰাইজক চকুলো টুকিবলৈ বাধ্য কৰাৰ সময়ত জন প্ৰতিনিধিসকল সুখ নিদ্ৰাত মগ্ন বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্রকাশ কৰে । ভীমপৰাবাসীয়ে কোনো কাৰণত লখিমপুৰ সমষ্টিত চামিল নহয় বুলি হুংকাৰ দি অনাগত সময়ত ইয়াতকৈয়ো ভয়ংকৰ প্ৰতিবাদেৰে দিল্লী- দিছপুৰ কঁপাই তুলিব বুলি সকীয়াই দিয়ে ।
লগতে পঢ়ক:Ex-army prrotest: লখিমপুৰত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট