thumbnail

By

Published : Jun 17, 2023, 5:59 PM IST

ETV Bharat / Videos

Sarbananda Sonowal Press Meet: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

ডিব্ৰুগড়, 17 জুন: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ সংবাদ মেল |  21 জুনৰ দিনা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচী সম্পন্ন হ'ব বুলি সংবাদমেলত সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, যোগৰ যোগেদিয়েই এগৰাকী ব্যক্তি, এখন সমাজ, এখন ৰাষ্ট্ৰ কেনে ধৰণেৰে সবল হৈ থাকিব পাৰে এই কথাটো তাহানিৰ পৰাই প্ৰমাণিত হৈ আহিছে ৷

সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, যোগ অভ্যাসৰ জৰিয়তে নিজৰ শৰীৰ আৰু মন সুন্দৰকৈ গঢ় দি আহিছে প্ৰতিজন লোকে ৷ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ সকলো প্ৰান্তৰ ৰাইজক যোগাভ্যাস কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ এইবাৰ মহাসাগৰৰ বিভিন্ন জাহাজতো যোগ সাধনা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সংবাদ মেলত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক: Poor Road condition at Dibrugarh: প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে, ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.